বৰপথাৰৰ এখন বহু চৰ্চিত বিবাহঃ কন্যা বৰপথাৰৰ,দৰা ফান্সৰ

প্ৰেমত ঘুৰিছে ভূ মণ্ডল, প্ৰেমত ফুলিছে শতদল। প্ৰেমাস্পদক জীৱন সংগী কৰি ল’বৰ বাবেই সাত সাগৰ তেৰ নদী পাৰ হৈ গোলাঘাট জিলাৰ বৰপথাৰ পালেহি ফ্ৰান্সৰ এজন যুৱক। বৰপথাৰ নগৰত দেখা গল এখন ব্যতিক্ৰমী বিবাহ।

বৰপথাৰ নগৰৰ ডা: বিশ্বজিৎ দেৱৰ কন্যা শ্ৰুতিৰ লগত বিয়াত বহিল ফ্ৰাঞ্চৰ ৰবীন। সোমবাৰে নিশা ডা: বিশ্বজিৎ দেৱৰ বৰপথাৰ নগৰৰ নিজা বাসগৃহত হিন্দু ধৰ্মীয় ৰীতি-নীতি আৰু  পৰম্পৰাৰে উলহ মালহেৰে বিবাহ সম্পন্ন হৈ যায় শ্ৰুতি আৰু ৰবীনৰ। কৰ্মসূত্ৰে দৰা-কন্যা দুয়ো থাকে লণ্ডনত। কন্যা শ্ৰুতি এগৰাকী অধিবক্তা  আৰু দৰা ৰবীন এজন চ’ফটৱেৰ ইঞ্জিনিয়াৰ। লণ্ডনতে চিনাকী হৈ তিনিবছৰীয়া প্ৰেমৰ অন্তত সোমবাৰে সামাজিক প্ৰথাৰে বিবাহ কাৰ্য সম্পন্ন কৰি দাম্পত্য জীৱনৰ পাতনি মেলে শ্ৰুতি আৰু বিদেশী দৰা ৰবীনে।

অৱশ্যে ক’ভিড পৰিস্থিতিৰ বাবে বিয়াখন কিছু পিচোৱাব লগীয়াও হৈছিল বুলি জানিবলৈ দিয়ে কন্যা শ্ৰুতিয়ে। ইপিনে ক’ভিডৰ বাবেই দৰা ৰবীনৰ পিতৃ মাতৃৰ লগতে পৰিয়ালৰ কোনো লোক বিবাহ উপলক্ষে অসমলৈ আহিব নোৱাৰাত অকলেই ৰবীন উপস্থিত হ’লহি আৰু জীৱন সংগী কৰি ললে শ্ৰুতি দেৱীক। প্ৰেয়সীক আপোন কৰি লবলৈ পাই অত্যন্ত সুখী বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিলে শ্ৰুতি আৰু ৰবীনে। লগতে  আনন্দ প্ৰকাশ কৰিলে শ্ৰুতিৰ পিতৃ মাতৃ আৰু আত্মীয়লোকেও। ফ্ৰান্সৰ দৰা ৰবীনে  অসমৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাৰ লগতে অসমৰ চাহ তেওঁৰ খুওব প্ৰিয় বুলিও জানিব দিয়ে। আনহাতে দৰাই অসমীয়াতে ” মই শ্ৰুতিক বহুত ভাল পাও” বুলি ক’বলৈ চেষ্টা কৰাও দেখা গল।

Related Articles