Breaking

বৰপথাৰ আৰক্ষীৰ যান-বাহন আইন সম্পৰ্কে সজাগতামূলক ৰেলী

0 28

বৃহস্পতিবাৰে গোলাঘাট জিলাৰ বৰপথাৰত যান-বাহন আইন সম্পৰ্কে এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। বৰপথাৰ আৰক্ষী থানাৰ উদ্যোগত আৰু বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই সজাগতামূলক কাৰ্যসূচীৰ যোগেদি যান-বাহন আইন সম্পৰ্কীয় নীতি নিয়ম মানি চলা, পথ সুৰক্ষা, হেলমেট পৰিধান, চিট বেল্ট লগোৱা, মদ্যপান কৰি গাড়ী নচলোৱা, মবাইল ফোন ব্যৱহাৰ নকৰা আদি বিভিন্ন বিষয়ৰ ওপৰত জনসাধাৰণক সজাগ কৰাৰ বাবে প্ৰয়াস কৰা হয়।

এই কাৰ্যসূচী অনুসৰি বৰপথাৰ আৰক্ষী থানাৰ পৰা নগৰখনৰ হাইস্কুল তিনিআলি, গেলাবিল তিনিআলি আৰু কালীবাৰীলৈকে এক ৰেলী বাহিৰ কৰা হয়।

এই কাৰ্যসূচীত গোলাঘাট জিলা পৰিবহন বিষয়া ক্ষীৰোদ নেওঁগ, ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা, বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰেমেশ্বৰ শইকীয়াৰ লগতে বৰপথাৰ থানাৰ আৰক্ষীসকলে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে এই সজাগতামূলক ৰেলীৰ সময়ত হেলমেট পৰিধান কৰি বাহন চলোৱা লোকসকলক একোটাকৈ চকলেট প্ৰদান কৰি উৎসাহিত কৰা দেখা যায়।

কায্যসূচীত অংশগ্ৰহণ কৰি জিলা পৰিবহণ বিষয়া গৰাকীয়ে কয়, “আমাৰ জীৱনটো বৰ অনুপম আৰু মিঠা। এই অনুপম জীৱনটোক সুন্দৰকৈ উপভোগ কৰিবলৈ অকণমান ভুলৰ কাৰণে যাতে শেষ কৰি নেপেলাও তাৰ বাবে আমি সজাগ আৰু সচেতন হ’ব লাগিব”।

Leave A Reply

Your email address will not be published.