Barpeta। বৰপেটা পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কৰ্মবিৰতি পালন

Barpeta। দৰমহা আদায়ৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত ৰাজ্যৰ ১১খন পলিটেকনিক আৰু দুখন ইঞ্জিনাৰিং কলেজৰ লগতে বৰপেটা পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কৰ্মবিৰতি পালন ৷ সদৌ অসম নৱনিৰ্মিত পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ উদ্যোগত দৰমহা আদায়ৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত অসমৰ ১১খন পলিটেকনিক আৰু ২খন ইঞ্জিনিয়াৰিং কলেজৰ লগতে বৰপেটা পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাচ দিনীয়া কৰ্মবিৰতি পালন ৷

ৰাজ্যৰ ১১খন পলিটেকনিক আৰু দুখন ইঞ্জিনাৰিং কলেজত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ আৰু প্ৰায় ১০ মাহ ধৰি অনাদায় হৈ থকা দৰমহা মোকলাই দিয়াৰ দাবীত বৰপেটা পলিটেকনিক চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অনিৰ্দিষ্ট কালিন কৰ্মবিৰতি পালন ৷

প্ৰতিবাদকাৰী চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলে জানিবলৈ দিয়ামতে ১১ পলিটেকনিক আৰু ২খন ইঞ্জিনীয়াৰিং কলেজত অস্থায়ীভাৱে কাম কৰি থকা কৰ্মচাৰীয়ে বিগত প্ৰায় ১০ মাহ ধৰি অনাদায় হৈ থকা দৰমহা শীঘ্ৰে মুকলি কৰা, কৰ্মৰত ২৯ জন কৰ্মচাৰীক চাকৰিত বাহাল ৰখা, দৰমহা মাহিলীকৈ প্ৰদান কৰাৰ দাবীত এই কর্মবিৰতি কাৰ্যসূচী পালন কৰে কৰ্মচাৰীসকলে ।

এইক্ষেত্ৰত ৰাজ্য চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহনৰো দাবী অস্থায়ীভিত্তিত কৰ্মৰত কৰ্মচাৰীসকলৰ ৷

Related Articles