Breaking

বৰপেটা জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ সংবাদমেল

0 1,542

হাজীপাৰা স্বাস্থ্য আৰু কল্যান কেন্দ্ৰ ৰাষ্ট্ৰীয় পৰ্যায়ত দ্বিতীয় ৰূপে চিহ্নিত।বৰপেটা জিলা স্বাস্থ্য সমিতিৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ বাবে এক সাফল্য।বৰপেটা জিলা স্বাস্থ্য সমিতিৰ অধীনস্থ, হাজী পাৰা স্বাস্থ্য আৰু কল্যান কেন্দ্ৰ ই এন কিউ এ এছ,ৰ অধীনত শ্ৰেষ্ঠত্বৰ প্ৰমাণ পত্ৰ (Quality Certification) পাবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান ৰ অধীনস্হ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, ভাৰতৰ অধীনত একাধিক পৰিক্ৰমাৰ অতিক্ৰমি, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ, প্ৰস্তাৱ অনুসৰি,যোৱা ৪ মে’ত(4) ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুজনীয়া নিৰীক্ষকে হাজী পাৰা স্বাস্থ্য আৰু কল্যান কেন্দ্ৰ টোৰ অন্তৱৰ্তী কালীন মূল্যায়ন কৰে।নিৰীক্ষকদ্বয়ৰ মূল্যায়নৰ প্ৰতিবেদন ত হাজী পাৰা স্বাস্থ্য আৰু কল্যান কেন্দ্ৰ টিয়ে ৮৯ শতাংশ নম্বৰ পাই ৰাষ্ট্ৰীয় পৰ্যায়ত দ্বিতীয়খন স্বাস্থ্য আৰু কল্যান কেন্দ্ৰ শিতানত চিহ্নিত হয়।

ইয়াৰ পূৰ্বে গুজৰাট ৰ এক স্বাস্হ আৰু কল্যান কেন্দ্ৰ ই স্হান পাবলৈ সক্ষম হৈছিল।উল্লেখ্য যে, হাজীপাৰাই ইতিপূৰ্বে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,অসমৰ অধীনত “কায়াকল্প” শিতানত শীৰ্ষ স্হান পাবলৈ সক্ষম হৈছিল।

বৰপেটাৰ পৰা নিখিল দাসৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.