Barpeta । অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্য হ্রাস কৰাৰ দাবীত বৰপেটা চহৰত বৰপেটা জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা প্ৰতিবাদী সমদল কৰি আছুৰ কৰ্মী সকলে বৰপেটা বৰবজাৰৰ তিনিআলিৰ চক’ত ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে ৷
মুল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা যোগান মন্ত্ৰী ৰনজিৎ দাস হায় হায়, অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী ৰনজিৎ দাস পদত্যাগ কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তল কৰি তোলে ৷অতিশীঘ্ৰে মুল্য বৃদ্ধি ৰোধ কৰাৰ লগতে যোগান মন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ দাবী জনায় বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি অবিনাশ কুমাৰ দাসে ৷