অসমবাসীৰ স্বাভিমান হিচাপে অসম সাহিত্য সভা গঢ় লৈ উঠিছে।(Basanta Kumar Goswami ) অসম সাহিত্য সভা মানেই সমগ্ৰ অসমৰ শাখা আৰু জিলা সাহিত্য সভাসমূহ; সেয়েহে সাহিত্যৰ বহল ক্ষেত্ৰখনত আমি সকলোৱে ভাতৃ-ভগ্নী ৰূপত আগুৱাই যাবলৈ প্ৰয়াস কৰিব লাগিব। আকাশখন যেনেদৰে অতুলনীয় তেনেদৰেই অসম সাহিত্য সভাও তুলনাবিহীন। সাহিত্য সভাৰ বিশেষ কাৰ্যসূচী অনুসৰি তিনিচুকীয়া জিলাত উপস্থিত হোৱা অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এখন ৰাজহুৱা অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয়।
ভাষণ প্ৰসংগত তেওঁ কয় যে ভাৱীকালৰ সাধকসকলক অসমীয়া ভাষাৰ প্ৰতি বাল্যকালৰে পৰাই ভাল পাবলৈ শিকোৱাৰ দায়িত্ব আমি সকলো অসমীয়াই ল’ব লাগিব। অসামাজিক কাম কৰাৰ প্ৰৱণতা নাশ কৰি ভৱিষ্যত প্ৰজন্মক জাতিপ্ৰেমী-ভাষাপ্ৰেমীলৈ ৰূপান্তৰ কৰিব লাগিব। কাৰ্যসূচী অনুসৰি পোনপ্ৰথমে মাকুম সাহিত্য সভাৰ কাৰ্যালয় বনমালী শইকীয়া ভৱনত উপস্থিত হোৱা অসম সাহিত্য সভাৰ সভাপতিগৰাকীক গায়ন-বায়নৰে তিনিচুকীয়াবাসী ৰাইজে আদৰণী জনায়। শাখা সভাৰ বিষয়ববীয়াসকলৰ লগত চমু বাৰ্তালাপত অংশগ্ৰহণ কৰাৰ পিছতেই তিনিচুকীয়া জিলা-শাখাৰ শতাধিক সাহিত্যপ্ৰেমীয়ে উক্ত স্থানৰ পৰা এক বৰ্ণিল শোভাযাত্ৰাৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ মাকুমস্থিত যুগল কিশোৰ কেষাণ ভৱন কাৰ্যালয়লৈ বিপুল উল্লাসেৰে আদৰি আনে।
উক্ত সভাগৃহত তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি লম্বেশ্বৰ চেতিয়াই সভাপতিত্ব কৰা সভাখনত অসম সাহিত্য সভাৰ ধনভৰালী মণিৰাম লাহন, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যদ্বয় ক্ৰমে তুফেল জিলানী আৰু শংকুসিদ্ধ নাথ, ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক সুনীল গুৰুঙ, তিনিচুকীয়া জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি মোহন মৰাণ, প্ৰাক্তন জিলা সম্পাদক পুলক গগৈ, প্ৰাক্তন জিলা সভাপতি প্ৰবীণ বৰাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।
তিনিচুকীয়া জিলা সাহিত্য সভাৰ সম্পাদক অৰূপ চাংমাইয়ে আঁত ধৰা সভাখনত তিনিচুকীয়া জিলা সাহিত্য সভা, মাকুম শাখা সাহিত্য সভা, তিনিচুকীয়া শাখা সাহিত্য সভা, পানীতোলা শাখা সাহিত্য সভা, লাইপুলি শাখা সাহিত্য সভা প্ৰমুখ্যে কুঁৰিধিক শাখা সাহিত্য সভাৰ সভাপতি-সম্পাদক, প্ৰাক্তন জিলা উপসভাপতি দ্বীপেন কুমাৰ বৰা, প্ৰাক্তন সম্পাদক মঞ্জিত গোহাঁই, প্ৰাক্তন জিলা প্ৰতিনিধি অৰুণিমা সন্দিকৈ, সহকাৰী সম্পাদক মঞ্জিত ৰাজখোৱা প্ৰমুখ্যে ভালেমান সাহিত্যপ্ৰেমী, দল-সংগঠন-ব্যক্তি বিশেষে সম্বৰ্ধনা-পত্ৰ, শৰাই, চেলেং-চাদৰ, ফুলাম গামোচা, কিতাপৰ টোপোলা আদিৰে ব্যাপক অভিনন্দন জ্ঞাপন কৰে। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা ৰাজহুৱা অভিনন্দন অনুষ্ঠানটি জাতীয় সংগীত পৰিৱেশনৰে সামৰণি পৰে।।