Mission Basundhara 3.0 :মিছন বসুন্ধৰা ৩.০ জৰিয়তে ভূমিপট্টা আৰু ভূমি মালিকীস্বত্ব প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কোচ ৰাজবংশী জাতীয় পৰিষদৰ

বঙাইগাঁও, ২৩ অক্টোবৰঃ শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰা ৩.০ জৰিয়তে ভূমিপট্টা আৰু ভূমি মালিকীস্বত্ব প্ৰদানৰ ক্ষেত্ৰত অনুসূচিত জনজাতি, অনুসূচিত জাতি, নেপালী (গোৰ্খা), চাহ জনগোষ্ঠী, প্ৰাক্তন চাহ জনগোষ্ঠী আৰু আদিবাসী সকলে তিনিটা প্ৰজন্ম ধৰি বসবাস কৰা প্ৰমাণিকৰণ নথি প্ৰদান কৰিব নলগাৰ বিপৰীতে আন আন জনগোষ্ঠী সমূহে তিনিটা প্ৰজন্মৰ প্ৰমাণিক নথি দিলেহে ভূমি মালিকীস্বত্ব লাভ কৰিব পাৰিব বুলি অধিসূচনা জাৰি কৰাৰ অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে। (Mission Basundhara 3.0 )

বুধবাৰে চিৰাং জিলডাৰ বিজনীত অনুষ্ঠিত কৰা এখন সংবাদ মেলত বিশ্বজিৎ ৰায়ে কয় য়ে অসম চৰকাৰে জাৰি কৰা মিছন বসুন্ধৰা ৩.০ জৰিয়তে আওপকীয়াকৈ ভূমিপুত্ৰ কোচ ৰাজবংশী সকলোক বিদেশী আৰু প্ৰৱজনকাৰী সজালে। কোচ- ৰাজবংশী জনগোষ্ঠীৰ ৰজা-মহাৰজা সকলে ১৯৫১ চনৰ আগলৈকে বিজনী, চিদলী, কোচ বিহাৰ ৰাজ্য শাসন কৰাৰ লগতে দৰঙীয়া, কোচ হাজো, ডিমৰীয়া, বেলতলা (গুৱাহাটী) ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ৷ আনকি লক্ষীপুৰ আৰু গৌৰীপুৰ কোচ ৰজাৰ অধিনস্থ জমিদাৰী সকলে পৰিচালনা কৰিছিল৷

কিন্তু কোচ ৰাজবংশী সকলে অসীম ত্যাগ কৰি ভাৰতবৰ্ষৰ সতে চামিল হোৱাৰ পিছতে ভাৰত চৰকাৰে কৌশল কৰি কোচ ৰাজবংশী সকলোক অসম, পশ্চিম বংগ, বিহাৰ, মেঘালয় আৰু বাংলাদেশত ভাগ ভাগ কৰি কোচ ৰাজবংশী জনগোষ্ঠীক মেৰুদণ্ড ভাগি পেলায়। যাৰ বাবে কোচ ৰাজবংশী সকলে অস্তিত্বৰ সংকটত পৰি সুদীৰ্ঘদিন ধৰি পৃথক কমতাপুৰ ৰাজ্য আৰু অনুসূচিত জনজাতিকৰণ দাবী কৰি আহিছে ৷ বৰ্তমান কেন্দ্ৰ আৰু অসমত বিজেপি নেতৃত্বাধীন চৰকাৰে কমতাপুৰ ৰাজ্যৰ দাবী ৰাজনৈতিকভাবে সমাধা কৰা দূৰৰ কথা, বৰং জনজাতিকৰণৰ বিষয়টো সমাধানৰ ক্ষেত্ৰতো বোকা চতিওৱা ৰাজনীতি কৰি কোচ ৰাজবংশী সকলক চৰম ভাবে প্ৰতাৰণা কৰিলে।

ইয়াৰ যোগ্য প্ৰত্যুত্তৰ আগন্তুক বিধান সভা নিৰ্বাচনত দিয়াৰ হুংকাৰ দি বিশ্বজিৎ ৰায়ে কয় যে জাতি, মাটি আৰু ভেঁটি সুৰক্ষাৰ শ্লোগান দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰে এতিয়া ভূমিপুত্ৰ কোচ ৰাজবংশী সকলোক কৌশলৰে ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছে৷ অসম চৰকাৰে যদি ভূমি পট্টা প্ৰদানৰ বাবে তিনিটা প্ৰজন্মৰ প্ৰমাণিক নথি প্ৰদানৰ সিদ্ধান্ত কোচ ৰাজবংশী সকলোৰ ক্ষেত্ৰত ৰেহাই নিদিয়ে তেতিয়াহলে গণতান্ত্ৰিক আন্দোলন কৰাৰ লগতে অসম বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি অসম চৰকাৰক সকীয়াই দিয়ে। আনহাতে অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত কোচ ৰাজবংশী জাতীয় পৰিষদে কাক সমৰ্থন কৰিব সেই সম্পৰ্কে দুই এদিনতে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সংবাদমেল যোগে জনায়। সংবাদমেলত কোচ ৰাজবংশী সচেতন নাগৰিক মঞ্চৰ অন্যতম আহ্বায়ক ধনজিৎ ৰায়ো উপস্থিত থাকে ৷

Related Articles