Breaking

নহৰুৰ উপকাৰিতাসমূহৰ সৈতে অৱগত হওঁক…

0 84

নহৰু কেনেকৈ সেৱন কৰিব ?

ডাঙৰ আকৃতিৰ কেঁচা নহৰু নিতৌ এফুটা বা দুফুটা নিতৌ খোৱা স্বাস্থ্যৰ পক্ষে উপকাৰী৷ চিকিৎসকে পৰামৰ্শ নিদিয়ালৈকে কোনেও দিনটোত ডাঙৰ আকৃতিৰ নহৰু তিনিফুটাতকৈ বেচি নাখায় যেন৷ মছলা হিচাবে নহৰুৰ আদাৰ সৈতে অতি সুন্দৰ সংমিশ্ৰণ; যাক মাংস, মাছ, কণী বা আন তৰকাৰীৰ সৈতে মিহলাই ৰন্ধা হয় ৷

নহৰুৰ আচাৰ, চুপ আদিও বনোৱা হয় আৰু পিজ্জাৰ টপিং দিবৰ বাবে ব্যৱহাৰ কৰা হয়৷ আকৌ বহুতে নহৰু সৰু সৰুকৈ কূটি কম তেলত ৰঙচুৱাকৈ ভাজি জুতি লগাই খায়৷ স্বাস্থ্যৰ দিশত কেঁচা নহৰু বেচি উপযোগী৷

ৰাতিপুৱা খালি পেটত নহৰু খাব পাৰে৷ কিবা অসুবিধা পালে দিনটোৰ যি কোনো সময়তে নহৰু খাব পাৰে। বজাৰত নহৰুৰ কেপচুল আৰু নহৰুৰ তেল উপলব্ধ ৷

কি কি লাগতিয়াল তত্ব নহৰুত থাকে?

নহৰুত থকা আটাইতকৈ লাগতিয়াল তত্ববিধ হ’ল চালফাৰযুক্ত এলিচিন (Allicin – diallyl disulphide oxide) – যাৰ অতুলনীয় এন্টিঅক্সিডেন্ট গুণৰ বাবে আমাৰ শৰীৰ নানা ধৰণে উপকৃত হয়৷ নহৰুৰ বিশিষ্ট গোন্ধটোৰ কাৰণ এই চালফাৰ পদাৰ্থবিধ ৷

নহৰুত থকা খনিজসমূহ হ’ল- আইৰণ, ক’পাৰ, মেগনেচিয়াম, মেংগানিজ, জিংক, চেলেনিয়াম, ফচফৰাচ, কেলচিয়াম ৷

ভিটামিন হ’ল- ভিটামিন-চি আৰু ভিটামিন-বি গোট (বি-১,বি-২,বি-৩,বি-৬, ফলেট); ইলেকট্ৰলাইট থাকে- চ’ডিয়াম আৰু প’টেচিয়াম৷ ১০০গ্ৰাম নহৰুত শক্তি থাকে-

  • ১৫০ কেলৰি,
  • কাৰ্বোহাইড্ৰেট ৩৩ গ্ৰাম,
  • প্ৰটিন ৬.৩৬ গ্ৰাম,
  • ফেট ৫০০মিলিগ্ৰাম আৰু
  • ফাইবাৰ থাকে ২.১ গ্ৰাম৷

নহৰুৰ উপকাৰিতাসমূহৰ সৈতে অৱগত হওঁক –

  • হৃদৰোগৰ পৰা সুৰক্ষা- নহৰুৱে অপকাৰী ক’লেষ্টৰলৰ পৰিমাণ হ্ৰাস কৰে৷ তেজৰ নলীত চৰ্বি (Atheroma) জমা হব নিদিয়ে৷ নহৰুক এচপ্ৰিনৰ দৰে কাম কৰা দেখা যায়৷ গতিকে নহৰুৱে ষ্ট্ৰকৰ সম্ভাৱনা হ্ৰাস কৰে৷
  • উচ্চ ৰক্তচাপ কমোৱাত নহৰু সহায়ক সিদ্ধ হৈছে৷
  • তেজ পৰিষোধক হিচাবে নহৰুৱে কাম কৰে৷ দুফুটা নহৰু আৰু অকণমান নেমুৰস নিতৌ পুৱা গ্ৰহণ কৰিলে ক্লান্তি আতৰ হয়, শালমন আৰোগ্য হয়, মেদবহুলতা কমোৱাত সহায়ক হয় ৷

  • কৰ্কট ৰোগ প্ৰতিৰোধ – বক্ষ আৰু হাওঁফাওঁৰ কেন্সাৰ, প্ৰষ্টেট আৰু মূত্ৰাশয়ৰ কেন্সাৰ, পাকস্থলী আৰু ক’লনৰ কেন্সাৰ, মাল্টিপ’ল মায়েলমা আদিৰ প্ৰতিৰোধত সহায়ক হয় নিয়মীয়া নহৰুৰ ভক্ষনৰ স্বভাৱ৷
  • ইমিউনিটি বঢ়োৱাত সহায়ক- নহৰু চাহ বনাই লগত সামান্য আদা বা মৌজোল মিহলাই খাবলৈ পৰামৰ্শ দিয়া হয়৷
  • পানী লগা, চৰ্দিৰ নহৰুৱে নিৰাময় কৰে৷ তেনেই সামান্য পৰিমাণৰ নহৰুৰ ৰস নাকৰ ভিতৰত সানিলে নাকৰ পৰা পানী ওলোৱা বন্ধ হয় বুলি অভিজ্ঞলোকে কয়৷
  • নহৰুৰ এন্টি-বেক্টেৰিয়েল, এন্টি-ভাইৰেল আৰু এন্টি-ফাংগেল গুণ প্ৰমাণিত হৈছে৷

Leave A Reply

Your email address will not be published.