Breaking

সাৱধান! আলু বেছিকৈ খাই নেকি? স্বাস্থ্যৰ এই ৫টা ক্ষতি হ’ব…

0 93

আলু এনে এটা পাচলি যিটো প্ৰতিটো শাক-পাচলিৰ সৈতে মিহলাই ৰান্ধিব পাৰি। ফুচকা, ব্ৰেড পকড়া, আলুৰ চপ আৰু চিংৰা আদি বহু ধৰণৰ ষ্ট্ৰীট ফুডতো আলু ব্যৱহাৰ কৰা হয়। আলু নোখোৱাকৈ জীয়াই থাকিব নোৱাৰে বহু খাদ্যপ্ৰেমী। আনহাতে বহুতে ব্ৰেকফাষ্টত আলুৰ পৰাঠা খাই ভাল পায়। কিন্তু বেছিভাগ খাদ্য বিশেষজ্ঞই আলুৰ অত্যধিক খোৱাটো ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে বুলি পৰামৰ্শ দিয়ে। আলু কিয় বেছি পৰিমাণে খাব নালাগে জানো আহক-


আলু বেছিকৈ খোৱা লোকসকলৰ পেট আৰু কঁকালৰ চাৰিওফালে তেওঁলোকৰ চৰ্বি বৃদ্ধি হ’বলৈ আৰম্ভ কৰে, যাৰ বাবে আপোনাৰ ওজন বৃদ্ধি হ’ব পাৰে।

আলু খালে শৰীৰত ষ্টাৰচ পোৱা যায়, যিয়ে শৰীৰক শক্তি প্ৰদান কৰে, কিন্তু যদি আপুনি আলু অধিক খাই, তেন্তে এলাৰ্জীৰ আশংকা হ’ব পাৰে।

আলুৰ সোৱাদে আকৰ্ষণ কৰিলেও বেছিকৈ খাব নালাগে কাৰণ আলুত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে, যাৰ ফলত বাতবিষৰ বিষ বৃদ্ধি পাব পাৰে।

বেছিকৈ আলু খালে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায় আৰু ডায়েবেটিছ ৰোগৰ আশংকা হ’ব পাৰে।

যদি আপুনি নিৰ্দিষ্ট পৰিমাণতকৈ অধিক আলু খায়, তেন্তে ক্ৰমান্বয়ে উচ্চ ৰক্তচাপৰ সমস্যাৰ সৃষ্টি হ’ব, যাৰ ফলত পিছত হৃদৰোগো হ’ব পাৰে।

Leave A Reply

Your email address will not be published.