Breaking

সাৱধান! চাহৰ সৈতে আটাৰ বিস্কুট খায় নেকি? স্বাস্থ্যৰ ক্ষতিৰ আশংকা বৃদ্ধি…

0 19

আটা হৈছে উচ্চ গ্লাইচেমিক ইনডেক্স থকা খাদ্য, অৰ্থাৎ আটা খালে তেজত চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পায়। বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে আটা ক্ষতিকাৰক বুলি কোৱা হয়। আনহাতে বহুতে চাহ আৰু আটাৰ বিস্কুট খাই ভাল পায়। কিন্তু এই খাদ্যৰ সংমিশ্ৰণ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাল বুলি গণ্য কৰা নহয়। চাহৰ সৈতে বিস্কুট খোৱাটো এটা সাধাৰণ প্ৰথা, বিশেষকৈ ভাৰতত। মানুহে চাহৰ সৈতে বিভিন্ন ধৰণৰ বস্তু খাই। আটাৰ বিস্কুটৰ খোৱাৰ ফলত স্বাস্থ্যৰ বহু ক্ষতি হ’ব পাৰে-

আটাৰ বিস্কুটত সাধাৰণতে অধিক পৰিমাণৰ কেলৰি থাকে, এই বিস্কুট খালে ওজন বৃদ্ধিত সহায়ক হ’ব পাৰে। ইয়েই ওজন বৃদ্ধিৰ এটা প্ৰধান কাৰণ।

আটাৰ পুষ্টিকৰ গুণ অতি কম। ইয়াত প্ৰয়োজনীয় ভিটামিন, খনিজ পদাৰ্থ আৰু আঁহৰ অভাৱ।

আটাৰ বিস্কুটত ট্ৰেন্স ফেট আৰু চেচুৰেটেড ফেট থাকিব পাৰে, যিবোৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

আটা পাচনতন্ত্ৰৰ বাবে বেয়া আৰু ইয়াৰ সেৱনে কোষ্ঠকাঠিন্য, এচিডিটি আৰু বদহজমৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

Leave A Reply