সাৱধান! আহি আছে H3N2 ভাইৰাছ। তিনিদিনলৈ ভূগিব লাগিব জ্বৰত, তিনি সপ্তাহ ভূগিব লাগিব কাঁহত,ৰাইজক সাবধান কৰিলে চিকিৎসকে।কৰোনা অতিমাৰীৰ পিছত দেশত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে H3N2 ভাইৰাছৰ সংক্ৰমন। মহামাৰীৰ ৰূপ ধাৰণ কৰিবলৈ গৈ থকা এই ভাইৰাছ বিধৰ বিৰুদ্ধে সাৱধান হবলৈ সতৰ্ক কৰি দিছে চিকিৎসক সকলে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক সতৰ্ক কৰি দি কয় যে শুকান বতৰৰ লগতে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হোৱাৰ ফলত এই ভাইৰাছ বিধ দ্ৰুতগতিত বৃদ্ধি পায়।
জ্বৰ কাঁহ, মূৰৰ বিষ, পায়খানা, বমি আদিয়েই প্ৰধান লক্ষন বুলি ডাঃ শৰ্মাই উল্লেখ কৰি তিনিদিন পৰ্যন্ত জ্বৰত ভোগাৰ লগতে তিনি সপ্তাহ পৰ্যন্ত কাঁহত ভূগিব লাগে আক্ৰান্তই। ডাঃ শৰ্মাই জ্বৰৰ বাবে ” পেৰাচিটামল ” খোৱাৰ পৰামৰ্শ দি কাঁহ নিজেই ভাল হয় বুলি উল্লেখ কৰে। ডাঃ শৰ্মাই বৃদ্ধ আৰু শিশুৰ লগতে ৰুগীয়া ব্যক্তিক কিছু সতৰ্ক আৰু সাবধানে থকাৰ পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীত ভয়াবহ ৰূপত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগতে বৰষুনৰ পৰিমানো যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। সেয়েহে জনসাধাৰণে নিজেই সচেতন হৈ H3N2 ভাইৰাছবিধ প্ৰতিৰোধ কৰা উচিত।