Breaking

সাৱধান! শীতকালত ৰাতি মোজা পিন্ধি শুলে স্বাস্থ্যৰ গুৰুতৰ সমস্যা হ’ব…

0 39

শীতকালত বেছিভাগ মানুহেই গৰম কাপোৰ পিন্ধি নিজকে ঠাণ্ডাৰ পৰা ৰক্ষা কৰে। শাতকালত সমগ্ৰ শৰীৰটো গৰম কাপোৰেৰে ঢাকি ৰাখিব লাগে। বহুতে ভৰি ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ মোজা পিন্ধি শুই থাকে, যিটো বিপদজনক হ’ব পাৰে। বহু সময়ত এনেকুৱা হয় যে ভৰি দুখন কম্বলেৰে ঢাকি ৰখাৰ পিছতো ঠাণ্ডা হৈ থাকে। তাৰবাবে বহুতে মোজা পিন্ধি নিজকে ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰে আৰু লাহে লাহে মোজা পিন্ধি শুৱাটো তেওঁলোকৰ অভ্যাসত পৰিণত হয়। কিন্তু আপুনি জানেনে যে ই ক্ষতিকাৰক। শীতকালত ৰাতি মোজা পিন্ধি শুই থকাৰ অসুবিধাসমূহ কি কি জানো আহক-

ৰাতি মোজা পিন্ধিলে শুলে ৰক্ত সঞ্চালন বেয়া হ’ব পাৰে। বহু গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে যিসকল লোকে দীৰ্ঘদিন ধৰি মোজা পিন্ধে, তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ ৰাতি শুই থাকোঁতে মোজা পিন্ধিলে শৰীৰত উষ্ণতা পোৱা যায়। কিন্তু কেতিয়াবা এই উত্তাপে শৰীৰৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত শৰীৰ অতিমাত্ৰা গৰম হৈ অস্বস্তিৰ সৃষ্টি কৰিব পাৰে।

ৰাতিও দিনটো পিন্ধা মোজা পিন্ধি বহুতে শুই থাকে। যাৰ ফলত ভৰিৰ সংক্ৰমণ হ’ব পাৰে। সেয়েহে দীৰ্ঘদিনলৈ মোজা পিন্ধাটো পৰিহাৰ কৰিব লাগে। অন্যথা ভৰিৰ গুৰুতৰ ক্ষতি হব পাৰে।

বহু সময়ত মোজা পিন্ধি দীঘলীয়া সময় শুই থাকিলে অনিদ্ৰা আৰু অস্থিৰতাৰ সৃষ্টি হয়। কাৰণ মোজাবোৰ টাইট ফিটিং হোৱাৰ বাবে অস্বস্তিৰ সৃষ্টি হয় আৰু টোপনিত ব্যাঘাত জন্মিব পাৰে।

ৰাতি শুই থকাৰ সময়ত মোজা পিন্ধিলে হৃদযন্ত্ৰৰ লগত জড়িত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। টান মোজাৰ বাবে শিৰাত চাপ বাঢ়ি যায় আৰু হৃদযন্ত্ৰই তেজ সঠিকভাৱে পাম্প কৰিবলৈ সক্ষম নহয়। গতিকে ৰাতি শুই থকাৰ সময়ত মোজা পিন্ধাৰ পৰা বিৰত থাকিব লাগে।

Leave A Reply

Your email address will not be published.