Breaking

Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!

83

শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে (Chandrababu Naidu)বিখ্যাত তিৰুপতি মন্দিৰৰ লাডুত পশুৰ চৰ্বি ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে তিৰুপতিৰ লাডুক লৈ বিবাদৰ সূত্ৰপাত ঘটিছে।Tirupati temple

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ১৯ ছেপ্টেম্বৰঃ (Tirupati temple )তিৰুপতি মন্দিৰৰ লাডু তৈয়াৰ কৰাত পশুৰ চৰ্বিৰ ব্যৱহাৰক লৈ চলি থকা বিতৰ্কৰ মাজতে অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি মন্দিৰত ভক্তক প্ৰসাদ হিচাপে আগবঢ়োৱা লাডুত গৰুৰ চৰ্বি থকা বুলি প্ৰকাশ পোৱা গৱেষণাগাৰৰ পৰীক্ষাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে (Chandrababu Naidu)বিখ্যাত তিৰুপতি মন্দিৰৰ লাডুত পশুৰ চৰ্বি ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে তিৰুপতিৰ লাডুক লৈ বিবাদৰ সূত্ৰপাত ঘটিছে।

নাইডুৰ এই দাবীৰ পিছতে এনডিডিবি কেএলএফৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে তিৰুপতি মন্দিৰৰ লাডু বনাবলৈ ব্যৱহাৰ কৰা ঘিৰ নমুনাত পাম তেল, মাছৰ তেল, গৰুৰ মাংসৰ চৰ্বি আৰু গাহৰিৰ চৰ্বিযু আদিকে ধৰি আন বহু চৰ্বি পোৱা গৈছে । এনডিডিবি হৈছে পশুৰ খাদ্য আৰু গাখীৰ তথা গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী বিষয়ে পৰীক্ষা কৰা এটা ব্যক্তিগত পৰীক্ষাগাৰ।ইপিনে ৱাইএছআৰচিপিয়ে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী নাইডুক তিৰুপতি মন্দিৰৰ লাডুৰ সৈতে জড়িত দাবীৰ পিছতে তীব্ৰ সমালোচনা কৰি কয় যে ইয়াৰ দ্বাৰা দেৱতাক অপমান কৰা হৈছে আৰু ভক্তসকলৰ আৱেগক আঘাত হনা হৈছে।
ৱাই এছ আৰ চি পিৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীৰ ভগ্নী তথা ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী ৱাই এছ শৰ্মিলাই নাইডুৰ দাবী নিশ্চিত কৰিবলৈ চি বি আইৰ তদন্তৰ দাবী জনায়। তিৰুপতি মন্দিৰৰ লাডু প্ৰস্তুতক লৈ ‘ঘৃণনীয় ৰাজনীতি’ত লিপ্ত হোৱাৰ বাবে চন্দ্ৰবাবুক সমালোচনা কৰে শৰ্মিলাই।বুধবাৰে এন ডি এৰ বিধায়িনী দলৰ বৈঠকৰ সময়ত টি ডি পিৰ অধ্যক্ষ এন চন্দ্ৰবাবু নাইডুৱে দাবী কৰিছিল যে পূৰ্বৰ ৱাই এছ আৰ চি পি চৰকাৰে শ্ৰী ভেংকটেশ্বৰ মন্দিৰকো ৰেহাই দিয়া নাছিল আৰু লাডু বনোৱাত ৃ অমান্য উপাদান আৰু পশুৰ চৰ্বি ব্যৱহাৰ কৰিছিল।

শৰ্মিলাই কয় যে নাইডুৰ এই অভিযোগে ভগৱান ভেংকটেশ্বৰক পূজনীয় দেৱতা হিচাপে গণ্য কৰা কোটি কোটি হিন্দুৰ আৱেগক আঘাত কৰিছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে শৰ্মিলাই কয়, ‘অনতিপলমে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰক বা চিবিআইয়ে বিষয়টো তদন্ত কৰক. লাড়ুত ঘিৰ সলনি পশুৰ চৰ্বি ব্যৱহাৰ কৰা হৈছিল নেকি সেয়া দন্ত হ’ব লাগে। ৱাই এছ আৰ চি পিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ ৱাই ভি চুব্বা ৰেড্ডীয়ে কয় যে নাইডুৰ অভিযোগে দেৱতাৰ পবিত্ৰতাক ভেঙুচালি কৰিছে আৰু ভক্তসকলৰ আৱেগক আঘাত কৰিছে।

Comments are closed.