Behali Congress । বিহালীত কংগ্ৰেছ দলত সংঘাত :: জয়ন্ত বৰাক কংগ্ৰেছ দলীয় টিকট নিদিবলৈ আহ্বান তৃণমুল কংগ্ৰেছৰ প্ৰতিবাদ…


গুৱাহাটী, ২১ অক্টোবৰ:  প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত অব্যাহত আছে বিহালীত, কোনোৱে বিচাৰে জয়ন্ত বৰাক আন কোনোৱে বিচাৰে চি পি আই এম এলৰ প্ৰাৰ্থীক । বিহালী সমষ্টিত প্ৰাৰ্থীত্ব দিয়াৰ ক্ষেত্ৰত বিপাঙত পৰিছে কংগ্ৰেছ দল। (Behali Congress)

ইফালে ১৩ নৱেম্বৰ অনুষ্ঠিত হ’বলগীয়া উপনিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপিয়ে পঞ্চায়তে পঞ্চায়তে চলাই আছে মাৰাথান প্ৰচাৰ । ইফালে, বিৰোধী অসম সন্মিলিত মঞ্চৰ মিত্ৰদল সমুহৰ মাজত দেখা গৈছে প্ৰাৰ্থীত্বকেন্দ্ৰীক টনা আজোৰা । এফালে, চি.পি.আই.এম.এল দলে আসন এৰি দিয়াৰ বাবে হেচা প্ৰয়োগ কৰিছে আনফালে একাংশ কংগ্ৰেছ কৰ্মীয়ে সমষ্টিটো আন দলক নিদি নিজা প্ৰাৰ্থী প্ৰদান কৰিবলৈ দাবী কৰিছে ।

শেহতীয়াকৈ কংগ্ৰেছ দলে সদ্য বিজেপি ত্যাগী নেতা জয়ন্ত বৰাক টিকট প্ৰদান কৰাৰ চৰ্চা চলাৰ লগে লগে বিশ্বনাথ জিলা কংগ্ৰেছত দেখা গৈচে তীব্ৰ বিসম্বাদ।জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই জয়ন্ত বৰাক টিকট প্ৰদান কৰিলে মুণ্ডন প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়াৰ বিপৰীতে বিহালী সমষ্টিৰ তৃণমুল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী সকলে জয়ন্ত বৰাক মুকলি সমৰ্থন আগবঢ়াই জিলা কংগ্ৰেছৰ সভাপতি গৰাকীক ভৱিষ্যতে বিহালীত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে।

ইফালে, তৃণমুল পৰ্যায়ৰ কৰ্মী সকলে জিলা সভাপতি গৰাকীৰ নিজৰ মূৰতে চুলি নাই তেওঁ কি মুণ্ডন প্ৰতিবাদ কৰিব বুলি কটাক্ষ কৰে। আনহাতে, জয়ন্ত বৰাক যদিহে টিকট প্ৰদান নকৰে তেন্তে সমষ্টিৰ সকলো সংখ্যালঘু লোকে আগন্তুক উপ নিৰ্বাচনত ক‌ংগ্ৰেছ দলক প্ৰত্যাখ্যান কৰাৰ হুংকাৰ দিয়ে। সদ্য বিজেপি ত্যাগী নেতা জয়ন্ত বৰাক কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ চৰ্চা চলাৰ লগে লগে আজি বিয়লি ৪ মান বজাত বিহালী বিধানসভা সমষ্টিৰ ব্ৰহ্মপুত্ৰ চাপৰিত একাংশ কংগ্ৰেছ কৰ্মীয়ে জয়ন্ত বৰাক প্ৰাৰ্থীত্ব প্ৰদান নকৰিবলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Related Articles