Breaking

Milk Benefits: প্ৰতিদিনে এগিলাচ গাখীৰ খালে শৰীৰৰ হ’ব পৰিৱৰ্তন…

19

গুৱাহাটী, ৪ ছেপ্টেম্বৰঃ আপুনি নিতৌ নিজৰ লগতে শিশুক সৰুৰে পৰা প্ৰতিদিনে এগিলাচ গাখীৰ খোৱাৰ অভ্যাস গঢ়ক। প্ৰতিদিনে এগিলাচ গাখীৰ খালে শৰীৰৰ কি কি উপকাৰ হয় জানেনে। গাখীৰত থকা প্ৰটিন পেশীৰ বাবে অতি। যাৰ ফলত আপুনি শক্তিশালী অনুভৱ কৰে।(Milk Benefits)

গাখীৰ কেলচিয়াম আৰু ভিটামিন ডিৰ প্ৰাকৃতিক উৎস, গাখীৰ হাড় আৰু দাঁত শক্তিশালী আৰু ৰক্ষণাবেক্ষণৰ বাবে অতি প্ৰয়োজনীয়।

গাখীৰত ভিটামিন বি ১২কে ধৰি অত্যাৱশ্যকীয় ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

জনবিশ্বাসৰ বিপৰীতে গাখীৰেও আপোনাৰ শৰীৰৰ পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰে। ইয়াৰ বাবে আপোনাৰ শৰীৰত তৰল পদাৰ্থৰ অভাৱ নহয়।(Benefits of drinking milk)

বহু গৱেষণাৰ পৰা দেখা গৈছে যে দৈনিক গাখীৰ খালে অষ্টিঅ’পৰ’ছিছৰ দৰে হাড়ৰ ৰোগৰ সম্ভাৱনা কম নহয়। আনকি হৃদযন্ত্ৰৰ ৰোগবোৰো আঁতৰত থাকে। ইয়াত থকা পটাছিয়ামে উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰে।

গাখীৰত মেলাটনিন থাকে, যাৰ বাবে এজন ব্যক্তিয়ে ভাল টোপনি যায় আৰু মানসিক স্বাস্থ্যও ভাল হৈ থাকে।

গাখীৰে ডায়েবেটিছ আৰু ওজন কমোৱাত সহায় কৰে। গাখীৰত কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বিৰ সুষম মিশ্ৰণ থাকে যিয়ে আপোনাক বহুদেৰিলৈকে ভোক অনুভৱ নকৰোৱাকৈ ৰাখে।

লগতে পঢ়কঃ টোফু আৰু পনীৰ দুয়োটা প্ৰটিনৰ উৎস! ওজন কমাবলৈ কোনবিধ উত্তম

published by: munmi gogoi

Comments are closed.