গুৱাহাটী, ২২ নৱেম্বৰঃ অসম ফুটবল সন্থাৰ তত্বাৱধানত,সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ আহ্বানত, বেংমৰা স্পৰ্টচ এছ’চিয়েচনৰ সৌজন্যত, পানীতোলা স্পৰ্টচ একাডেমিৰ উদ্যোগত অষ্টম বাৰ্ষিক ৰাজ্যিক পৰ্যায় “বেংমৰা কাপ-২০২৪”(Bengmara Cup 2024) ফুটবল প্ৰতিযোগিতাখনি(Football Tournament) ২৪ নবেম্বৰ পৰা পানীতোলা স্পৰ্টচ ক্লাৱ খেলপথাৰত অনুষ্ঠিত হ’ব।
অসমৰ ১২টাকৈ আগশাৰী ফুটবল দলে অংশগ্ৰহণ কৰা খেলখনিত পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি সত্য গোঁহাই, পানীতোলা স্পৰ্টচ একাডেমিৰ সভাপতি সভাপতি নয়ন মণি ফুকন, আয়োজক সমিতিৰ সভাপতিৰ বিনোদ হাজৰিকাই, স্মৃতি তৰ্পণ কৰিব সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক উজ্জ্বল বৰুৱা, পানীতোলা স্পৰ্টচ একাডেমিৰ সম্পাদক নয়নমণি ফুকণ আৰু আয়োজক সমিতিৰ মুখ্য সম্পাদক কৃষ্ণকান্ত কাকতিয়ে।
অষ্টম বাৰ্ষিক “বেংমৰা কাপ ২০২৪” ফুটবল প্ৰতিযোগিতাৰ উপলক্ষে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্রতিপালন কাৰ্যসূচীৰ অন্তৰ্গত গছপুলি ৰোপণ কায্যসূচী শুভাৰম্ভ কৰিব তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ আৰু পৰিৱেশ সুৰক্ষা সমিতি, অসমৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই।
দিনৰ ১.৩০ বজাৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতা খনিৰ খেলপথাৰ উদ্বোধন কৰিব মটক স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ বিমল বৰুৱাই। প্ৰতিযোগিতা শুভ উদ্বোধন কৰিব তিনিচুকীয়া নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোঁহাই। শুভাৰম্ভণি প্ৰতিযোগিতা খনিত দুলিয়াজান ফুটবল একাডেমি ফুটবল দল বনাম দ্বিতীয় অসম আৰক্ষী বাহিনী, মাকুম ফুটবল দলৰ মাজত অনুষ্ঠিত হ’ব।
শুভাৰম্ভণি খেলখনিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা উদয় শংকৰ মহন, মটক জনগোষ্ঠীৰ বিশিষ্ট শিক্ষাবীদ, লেখক লম্বেশ্বৰ চেতিয়া, মটক স্বায়ত্ব শাসিত পৰিষদৰ ধৰ্মানন্দ কোঁৱৰ, তুষাৰ ৰঞ্জণ চেতিয়া, তিনিচুকীয়া লাইপুলিৰ গীতিকাৰ, লেখক, কবি অমৃত ৰাজখোৱা, সমাজ সেৱক প্ৰাঞ্জল নেওগ।
আমন্ত্ৰণ মূলক বেংমৰা কাপ-২০২৪ ফুটবল প্ৰতিযোগিতা খনিত অসমৰ ১২টাকৈ আগশাৰী ফুটবল দল তিনিচুকীয়া ৰে’লৱে, চিজিএছএছ, দুলিয়াজান ফুটবল একাডেমি, দ্বিতীয় অসম আৰক্ষী বাহিনী, মাকুম, ১৯ অসম আৰক্ষী বাহিনী, ৰাইনো ক্লাৱ মাৰ্ঘেৰিটা, চৰাইদেউ, মৰাণ টাউন ক্লাৱ, নামৰূপ টাউন ক্লাৱ, জয়পুৰ তৰুণ সংঘ,বৰুৱাহোলা, আপাৰ আসাম এফচি ফুটবল দলক আমন্ত্ৰণ জনোৱা হৈছে বুলি আয়োজক সমিতিৰ যুটীয়া সম্পাদক প্ৰাঞ্জল বৰুৱা আৰু তিলেশ্বৰ তেলীয়ে জানিবলৈ দিয়ে।