ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত চুটি ছবি “অনীহা”লৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

অসমত যুৱ প্ৰতিভাৰ যে অভাৱ নাই আৰু সৃষ্টিশীল কৰ্মৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ অসমৰ যুৱক-যুৱতীসকলৰ মাজত যে অফুৰন্ত প্ৰতিভা লুকাই আছে সেই কথা পুনৰ এবাৰ প্ৰমাণ হৈছে যোৰহাটত । এটা গছ পুলি ৰুৱাৰ ওপৰত নিৰ্মাণ কৰা এখন চুটি ছবিয়ে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল ( RIFF)ত ।

ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল (RIFF)ত যোৰহাটৰ পৰা নিৰ্মাণ কৰা চুটি ছবি “অনীহা”ৰ পৰিচালক পূৰৱ আৰু মৃগাঙ্কলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান। যোৰহাটৰ N.J. Production ৰ বেনাৰত নিৰ্মিত চুটি ছবি “অনীহা” ৰ পৰিচালক নৱ প্ৰজন্মৰ দুজন প্ৰতিভা, যোৰহাট স্প্ৰিংডেল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ পূৰৱ শৰ্মা আৰু যোৰহাটৰে এজন প্ৰতিভাবান যুৱক মৃগাঙ্ক মাইনা । তেওঁলোকে ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত ( RIFF) ভাৰতীয় চুটি ছবি শিতানত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান বুটলি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডৰ অন্তত বিচাৰকসকলে পূৰৱ আৰু মৃগাঙ্কক ভাৰতীয় চুটি ছবি শিতানত শ্ৰেষ্ঠ পৰিচালক হিচাবে ঘোষণা কৰে । আনহাতে “অনীহা” ইতিমধ্যে ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলে অনুষ্ঠিত কৰিবলগীয়া আন এক সন্মানীয় Golden shell Award ৰ বাবেও মনোনয়ন লাভ কৰিছে।

N.J. Production ৰ বেনাৰত নয়ন জ্যোতি শৰ্মাৰ প্ৰযোজনাত যোৱা ৫ জুনত বিশ্ব পৰিবেশnational দিৱসৰ দিনা মুক্তি পোৱা  “অনীহা” চুটি ছবিখনৰ কাহিনী পৰিবেশৰ ওপৰত আধাৰিত । এটা গছ পুলি ৰুবৰ বাবে মানুহে যি অনীহা বা অনাদৰ প্ৰদৰ্শন কৰে তাকে ছবিখনত পৰিচালকে সুন্দৰ ভাবে প্ৰকাশ কৰিছে। ছবিখনত অভিনয় কৰিছে মানবেন্দ্ৰ শৰ্মা, চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মাই। সহযোগী পায়েল শৰ্মা।

Related Articles