২৫ মাৰ্চ :Bihu । সুৰা পান কৰি বিহু চাবলৈ যোৱা সুৰাপায়ী সকল সাৱধান। কঠোৰ হৈছে তেজপুৰৰ একাংশ বিহু সমিতি, বিহু সুৰক্ষা সমিতি । সাৱধান সুৰাপায়ী। মদ খাই বিহু চাবলৈ নাযাব। মদ খাই বিহু ফিল্ডত উদ্ভণ্ডালি কৰিলে ধৰি বান্ধি আৰক্ষীক গতাই দিয়া হ’ব। গ্ধবিহু ফিল্ডত মদ খাই অসভ্যালি নৃত্য কৰিলেও ৰঙা ঘৰৰ আলহী হ’ব পাৰে। তেজপুৰ একাংশ বিহু সমিতি, বিহু সুৰক্ষা সমিতি,অসম। ধৰি বান্ধি আৰক্ষীক গতাই দিম মধ্য তেজপুৰ বিহু সন্মিলনীৰ সিদ্ধান্ত এয়া।ৰমেন পাটোৱাৰী, সম্পাদক মধ্য তেজপুৰ বিহু সন্মিলনী।
সুৰা আৰু বিহু একেলগে নচলিব বিহু সুৰক্ষা সমিতি অসমৰ কঠোৰ সকিয়নী।বিনয় বৰা, সাংস্কৃতিক সম্পাদক।শোণিতপুৰ জিলা বিহু সুৰক্ষা সমিতি আৰু একাংশ বিহু সমিতিৰ সুৰা বিৰোধী এই স্থিতিক আদৰণি জনাই ছাত্ৰ সন্থাও এইক্ষেত্ৰত কঠোৰ হ’ব বুলি সুৰাপায়ী সকলক সঁকিয়াই দিছে। চৰকাৰো যদি এই ক্ষেত্ৰত কঠোৰ হয় তেনেহলে বিহু বাকৰিত বিহুক কুলসিত কৰা দৃশ্য সমূহ দেখিবলৈ পোৱা নাযাব।