Breaking

ঋণ ৰেহাই সন্দৰ্ভত ভুৱা খবৰৰ পৰা সাৱধান ।

0 830

গুৱাহাটী :
বন্ধন বেংকৰ তৰফৰ পৰা সকলো গ্ৰাহকৰ লগতে সাধাৰণ ৰাইজক জনোৱা হয় যে সামাজিক মাধ্যমত (Social Media) কিছু পৰিমাণে ভুৱা বাতৰি তথা ভিত্তিহীন বাতৰিৰ পোষ্টৰ লগতে বিভ্ৰান্তিকৰ ভিডিঅ’ বিয়পোৱা হৈছে যি ভিডিঅ”ত কোৱা হৈছে যে বন্ধন বেংকৰ ঋণৰ কিস্তি ৰেহাই কৰি দিয়া হৈছে ৷ এই বাতৰিসমূহৰ কোনোধৰণৰ সত্যতা নাই ৷ “মোৰাটোৰিয়াম” শব্দটো অৰ্থাৎ ঋণৰ কিস্তিসমূহৰ আদায় পিছুৱাই দিয়া আৰু সম্পূৰ্ণভাৱে ঋণ ৰেহাই দিয়াৰ মাজত বিশেষ পাৰ্থক্য আছে৷ এইপৰ্যন্ত চৰকাৰী নিৰ্দেশনাত কোৱা হৈছে ঋণৰ কিস্তি আদায় পিছুৱাই দিয়া যাব পাৰে, যদিও সেইটো ঋণ সংস্থা বা ঋণ গ্ৰহণ কৰা হিতাধিকাৰীৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰশীল৷ যদিও কিস্তিৰ আদায় পিছুৱাই দিয়া হৈছে ঋণৰ ওপৰত সুদৰ হাৰ বাহাল থাকিব আৰু কিস্তি বন্ধৰ সময়ছোৱাত মুঠ ঋণৰ ওপৰত সুদ জমা হৈ থাকিব৷ ইয়াৰ ফলত ঋণ গ্ৰহণ কৰা হিতাধিকাৰীৰ ওপৰত পৰৱৰ্তী সময়ত অতিৰিক্ত কিস্তিৰ চাপ বাঢ়িব পাৰে আৰু ইয়াৰ ফলত বেছিদিন ধৰি ঋণ পৰিশোধ কৰিবলগীয়া হ’ব পাৰে ৷ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুযায়ী, ইতিমধ্যে বন্ধন বেংকে সমগ্ৰ ক্ষুদ্ৰ ঋণৰ কিস্তিৰ ওপৰত মাৰ্চৰ পৰা মে” মাহপৰ্যন্ত মোৰাটোৰিয়াম ঘোষণা কৰিছিল৷ ইয়াৰ উপৰিও গ্ৰাহকসকলৰ অনুৰোধৰ ভিত্তিত ঋণৰ কিস্তিত মোৰাটোৰিয়ামৰ এই সুবিধা দিয়াৰ বিষয়টো বিবেচনা কৰা হ”ব৷ ইয়াৰ উপৰি ৰিজাৰ্ভ বেংক বা অন্যান্য ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সকলো নিৰ্দেশনাৱলী মানিয়েই বেংকিং পৰিসেৱা আগবঢ়োৱা হ’ব ৷ এই সংকটৰ সময়ছোৱাত বন্ধন বেংকে সকলোধৰণৰ সহায়তাৰে গ্ৰাহকৰ কাষত থিয় দিছে৷ এটা দায়িত্বশীল বেংক হিচাপে ভৱিষ্যতত সমস্যা যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধন বেংকে নিজৰ গ্ৰাহকক বিস্তাৰিতভাৱে বুজাই দিছে যে তেওঁলোকৰ বকেয়া ঋণৰ ওপৰত “মোৰাটোৰিয়াম”ৰ প্ৰভাৱ কি হ’ব পাৰে ৷ পুনৰ এবাৰ বন্ধন বেংকে সকলো গ্ৰাহকক ভুৱা বাতৰি পঢ়ি বিভ্ৰান্ত নহ”বলৈ সাৱধান কৰি দিছে৷ বেংকৰ তৰফৰ পৰা এইধৰণৰ উদ্দেশ্যপ্ৰণোদিতভাৱে ঋণৰ কিস্তি সম্পৰ্কে বিভ্ৰান্ত কৰা চেনেলসমূহৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ইতিমধ্যে আইনজীৱীৰ ওচৰত সমগ্ৰ বিষয়টো অৱগত কৰোৱা হৈছে আৰু লিখিত অভিযোগ দাখিল কৰা হৈছে ৷ বন্ধন বেংক নিজ গ্ৰাহকৰ স্বাৰ্থ ৰক্ষাৰ প্ৰতি সদায় দায়বদ্ধ আৰু গ্ৰাহকসকলৰ স্বাৰ্থত এইধৰণৰ ভুৱা বাতৰি পৰিৱেশন কৰা চেনেলসমূহৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনাইছে৷ যিসকল ঋণ গ্ৰহণ কৰা গ্ৰাহকে ঋণ বা ঋণৰ কিস্তিৰ সন্দৰ্ভত সবিশেষ জানিবলৈ বিচাৰে তেওঁলোকক ওচৰৰ বেংকৰ শাখাত পোনপটীয়াভাৱে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে৷

Leave A Reply

Your email address will not be published.