Bhaona Performance: কলাক্ষেŽত্ৰত ‘কুৰ্ম অৱতাৰ’ ভাওনা প্ৰদৰ্শন

গুৱাহাটী, ২১ অক্টোবৰ: দেৱবাদ্যৰ শব্দ, দোহাৰ, ভাওনাৰ বচনৰে মুখৰিত হৈ পৰিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। শনিবাৰে মঞ্চস্থ হয় কুৰ্ম অৱতাৰ(Kurma Avatar) শীৰ্ষক এখন ভাওনা(Bhaona Performance)।সমাজ সচেতক এগৰাকী ব্যক্তি তথা সাংস্কৃতিক কৰ্মী প্ৰয়াত লক্ষেশ্বৰ হাজৰিকাৰ সোঁৱৰণত তেওঁৰ পৰিবাৰ নিবেদিতা হাজৰিকা আৰু পৰিয়ালবৰ্গৰ লগতে বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’-এ(Spandan… Shabdar Para Hridaylai) এইভাগ ভাওনা আগবঢ়াইছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেŽত্ৰত যোৰহাটৰ ‘পাঞ্চজন্য নাট্যগোষ্ঠী’ৰ ‘‘কুৰ্ম অৱতাৰ’’ ভাওনা ›প্ৰদৰ্শন

১৯ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৰ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহৰ মঞ্চত সম্পূৰ্ণ মহাপুৰুষীয়া নীতি-নিয়মেৰে প্ৰদৰ্শন কৰা হ’ল ‘কুৰ্ম অৱতাৰ’ শীৰ্ষক ভাওনাভাগি। ‘লক্ষেশ্বৰ হাজৰিকা সোঁৱৰণী মঞ্চ’ৰ উদ্যোগত আৰু ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ সহযোগত আয়োজিত ভাওনা পৰিৱেশনৰ অনুষ্ঠানটোত সাংস্কৃতিক নগৰী যোৰহাটৰ মাজ-মজিয়াৰ মালৌআলি, কমলাবৰীয়াৰ ‘পাঞ্চজন্য নাট্যগোষ্ঠী’য়ে সুন্দৰকৈ পৰিবেশন কৰিলে ‘কুৰ্ম অৱতাৰ’ শীৰ্ষক ভাওনাভাগি।

ভাওনাভাগৰ পৰিচালনা পূৰ্ণানন্দ দত্তৰ। দোহাৰ মনোৰঞ্জন বৰা, ৰক্তিম শংকু বৰা আৰু সংগীবৃন্দৰ। ২০০৪তে প্ৰতিষ্ঠা হোৱা যোৰহাটৰ পাঞ্চজন্য নাট্যগোষ্ঠী অসমৰ বিভিন্ন স্থানত ভাওনা প্ৰদৰ্শন কৰি সমাদৃত হোৱাৰ লগতে প্ৰতিযোগিতামূলক ভাওনাত বহুবাৰ শ্ৰেষ্ঠ আসন লাভ কৰিবলৈ সক্ষম হৈছে।

মাজুলীৰ আউনীআটী সত্ৰৰ ভাওনা সমাৰোহতো দুবাৰকৈ শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আধ্যাত্মিক আৰু সাত্ত্বিক ভাবাদৰ্শৰে সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰ কৰি সমাজত এক সুস্থ সাংস্কৃতিক পৰিবেশ সূচনাৰ ক্ষেত্ৰত দলটোৱে উল্লেখযোগ্য ভূমিকা লৈ আহিছে।

জন্ম লগ্নৰে পৰা দলটিৰ শিল্পীসকলে শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ অনুশীলন অব্যাহত ৰাখি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগুৱাই গৈছে। শিল্পীসকলৰ অভিনয়ৰ লগতে মুখা, সাজ-সজ্জা আদি ‘গুৱাহাটীবাসীৰ বাবে আছিল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ১৯ অক্টোবৰে পুৱা ভকতসকলৰ দ্বাৰা মাহ-প্ৰসাদ আগবঢ়াই নাম-প্ৰসংগৰে মঞ্চত অস্থায়ীভাবে প্ৰতিষ্ঠা কৰা হয় গুৰুআসন।

দুপৰীয়া নাট তথা ভাওনাৰ মুখা আদৰণি। ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ সভাপতি ময়ূৰী দত্তই আঁত ধৰা অনুষ্ঠানটিত সন্ধিয়া প্ৰদৰ্শিত হোৱা ‘কুৰ্ম অৱতাৰ’ ভাওনা উদ্বোধন কৰে মুখ্য অতিথি হিচাপে উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া আৰু বিশিষ্ট অভিনেত্ৰী সাগৰিকা গোস্বামীয়ে। ভাওনা ভাগ উপভোগ কৰি উপস্থিত দৰ্শক ৰাইজ আপ্লুত হৈ পৰে।

ভাওনা পৰিৱেশনৰ আগতে এই অনুষ্ঠানতে যোৰহাটৰ যুৱ-অভিনেতা ৰূপজিৎ কলিতাক প্ৰদান কৰা হয় ‘লক্ষেশ্বৰ হাজৰিকা যুৱ অনুপ্ৰেৰণা বঁটা ২০২৪’। লগতে যোৰহাটৰে জ্যেষ্ঠ লোকশিল্পী উজ্জ্বল কুমাৰ দত্তক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বঁটাসমূহ প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া আৰু অভিনেত্ৰী সাগৰিকা গোস্বামীয়ে।

Related Articles