Breaking

বিজেপিৰ পিতৃ পুৰুষ লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটা…

0 58

বিজেপিৰ পিতৃপুৰুষ লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটা

ভাৰতীয় জনতা পাৰ্টিৰ পিতৃপুৰুষ লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটা প্ৰদানৰ ঘোষণা কৰে। শনিবাৰে এই ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ মোডীয়ে কয় যে আদৱানী এজন প্ৰাক্তন মন্ত্ৰী, বিজেপিৰ প্ৰতিষ্ঠাপক সদস্য আৰু ৰামজন্মভূমি আন্দোলনৰ অন্যতম প্ৰধান আছিল৷

তৃণমূল পৰ্যায়ৰ পৰা ভাৰতৰ উপ-প্ৰধানমন্ত্ৰী হিচাপে দেশৰ সেৱা কৰিছিল আদৱানীয়ে। ১৯৭০ চনত আদৱানী ৰাজ্যসভালৈ নিৰ্বাচিত হৈ তেওঁৰ সংসদীয় কাৰ্যকাল আৰম্ভ কৰিছিল। তেওঁ ১৯৮৯ চনত নতুন দিল্লীৰ পৰা মোহিনী গিৰিক পৰাস্ত কৰি প্ৰথম লোকসভা নিৰ্বাচনত জয়ী হৈছিল।

১৯৯১ চনত তেওঁ গুজৰাটৰ গান্ধী নগৰ আৰু নতুন দিল্লী এই দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু দুয়োটাতে জয়ী হৈছিল। পৰৱৰ্তী সময়ত তেওঁ গান্ধী নগৰক প্ৰতিনিধিত্ব কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ ২০১৪ চনত একেখন আসনৰ পৰা অন্তিম নিৰ্বাচনত যুঁজিছিল। আদৱানীয়ে ১৯৯০ চনৰ আৰম্ভণিতে অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে তেওঁৰ ৰথ যাত্ৰাৰ জৰিয়তে বিজেপিক ৰাষ্ট্ৰীয় হিচাপত তুলি ধৰিছিল।

Leave A Reply

Your email address will not be published.