Breaking

গোৱালপাৰাত ভাৰতীয় জনতা যুৱ মর্চাৰ বিশাল বাইক ৰেলি

0 27

ভাৰতবর্ষৰ 78 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ প্ৰতিটো পৰিয়ালে যাতে ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে উলহ মালসেৰে স্বাধীনতা দিৱস উদযাপন কৰে তাৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি আৰু সমন্বয়ৰ বার্তাৰে আজি গোৱালপাৰা জিলা ভাৰতীয় জনতা যুৱ মর্চাৰ উদ্যোগত বিশাল বাইক ৰেলি উলিওঁবা হয়

গোৱালপাৰা জিলা ভাৰতীয় জনতা যুৱ মর্চাৰ সভাপতি পবিত্ৰ ৰাভা হাকাচামৰ নেতৃত্বত শোলমাৰী কল্যানপুৰস্থিত মেছপাৰা পুর্বাঞ্চল ৰাভা সমাজৰ ৰাজা বীৰ পৰশুৰাম ৰাভা হাছিছা নোক প্ৰাঙ্গন খেলপথাৰৰ পৰা উলিওঁবা বিশাল বাইক ৰেলিখন ৰাষ্ট্ৰীয় পতাকা জোকাৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে দুধনৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভাই !


ইয়াৰ পুর্বে গোৱালপাৰা জিলা বি জে পি ৰ সাধাৰণ সম্পাদক দিলীপ কুমাৰ দাসে ত্ৰিৰংগা ৰেলিত অংশগ্ৰহন কৰা প্ৰতিজন কার্যকর্তাক শুভেচ্ছা জ্ঞাপন কৰি চমুকৈ ভাষণ আগবঢ়ায় !


উল্লেখযোগ্য যে গোৱালপাৰা পুৱ আৰু পশ্চিম সমষ্টি ৰ প্ৰায় তিনি শতাধিক কার্যকর্তাই অংশ গ্ৰহন কৰা আজিৰ বিশাল ত্ৰিৰংগা ৰেলি খন কল্যানপুৰৰ পৰা আৰম্ভ হৈ আগিয়া বালিজানা বাপুপাৰা হৈ বালিজানা কালী মন্দিৰ খেলপথাৰত সামৰণি পৰে !

Leave A Reply

Your email address will not be published.