ভাষা গৌৰৱ সপ্তাহ উপলক্ষে দৰং জিলা প্ৰশাসনে পাঁচগৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জনাই৷(Bhasha Gaurav Saptah)দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক নৰেন হাজৰিকাসহ পাঁচগৰাকী ভাষা পূজাৰীক সম্বৰ্ধনা দৰং জিলা প্ৰশাসনৰ। অসমীয়া ভাষা ভাল পোৱা অসমীয়া ৰাইজৰ নেৰানেপেৰা চেষ্টা আৰু ঐকবদ্ধ প্ৰচেষ্টাৰ ফলত অসমীয়া ভাষাই স্বীকৃতি পালে ধ্ৰুপদী ভাষা হিচাপে।(Naren Hazarika)
ধ্ৰুপদী ভাষা হিচাপে ঘোষিত হোৱাৰ লগে লগে অসমীয়া ভাষাৰ পূজাৰী সকলে ইমান দিনে ভাষাটোক লৈ কৰি থকা দুঃচিন্তা যেন ওৰ পৰিল।(Editor in chief of the Dainandin barta newspaper) আজি জিলা পুথিভৰাঁল প্রেক্ষাগৃহ মঙলদৈত এখনি সভাৰ আয়োজন কৰি অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি জিলা খনৰ পাঁচগৰাকী অসমীয়া ভাষা সাহিত্যৰ পূজাৰীক সম্বৰ্ধনা জনায়।(Classical Language)
সম্বৰ্দ্ধনা অনুস্থানত দৈনন্দিন বাৰ্তা কাকতৰ মূখ্য সম্পাদক তথা জেষ্ঠ সাংবাদিক মঙলদৈ পঙাবাঙী পাৰাৰ নৰেন হাজৰিকাৰ লগতে লোক সংস্কৃতি সুকনানি ওজাপালি আৰু দেওধনী নৃত্য’ৰ এগৰাকী বিশিষ্ট শিল্পী পদ্মশ্ৰী সন্মান প্ৰাপক দ্ৰোন ভূঞা, সংস্কৃত পণ্ডিত মতি দেৱ শাস্ত্ৰী, গীতিকাৰ সুৰকাৰ প্ৰভাত চৌধুৰী আৰু ড° বিজয় শৰ্মাক প্ৰশাসনে সম্বৰ্ধনা জ্ঞাপন কৰে।(Mangoldoi)
সম্বৰ্ধনা গ্ৰহন কৰি ড° বিজয় শৰ্মাই বক্তব্যত উল্লেখ কৰে যে অসম চৰকাৰে এই ভাষা গৌৰৱ সপ্তাহ পালন কৰাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে বিস্তৃতভাৱে আলোকপাত কৰে৷ আজিৰ এই অনুষ্ঠানত মঙলদৈৰ বিধায়ক বসন্ত দাস, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।(Bhasha Gaurav Saptah)
এই বিশেষ পাঁচগৰাকী ব্যক্তিক জিলা আয়ুক্তই প্ৰদান কৰিলে জাপি,বিধায়কে প্ৰদান কৰিলে মান-পত্ৰ আৰু অতিৰিক্ত আয়ুক্তই প্ৰদান কৰিলে গামোচা আৰু শৰাই।