অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত এই সপ্তাহটো সমগ্ৰ অসমৰ লগতে মাজুলীতো ভাষা গৌৰৱ সপ্তাহ হিচাপে উদযাপন কৰা হৈছে।(Bhasha Gaurav Saptah) সেই মৰ্মে মাজুলী জিলা সাহিত্য সভাৰ উদ্যোগত ৮ নৱেম্বৰ তাৰিখ শুক্ৰবাৰে মাজুলীৰ গড়মূৰ প্ৰেছ ক্লাবত জিলা সভাপতি ৰামসাগৰ নাথৰ সভাপতিত্বত ভাষা গৌৰৱ সপ্তাহৰ বিশেষ কাৰ্যসূচী পালন কৰা হয়। অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাই অংশগ্ৰহণ কৰা সভাখনত অসমীয়া ভাষা-সাহিত্যৰ ক্ৰমবিকাশ আৰু ভৱিষ্যত সন্দৰ্ভত বিষদভাৱে আলোচনা হয়। (Majuli)
জিলা সম্পাদক কেশৱ কাকতিয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্ৰীবন্ধনৰ আহ্বায়ক মনোজ্যোতি ৰেগন, অসম সাহিত্য সভাৰ সংবাদ পত্ৰৰ সম্পাদক গৌতম গগৈ, কেন্দ্ৰীয় কুঁহি উপ সমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথ, মাজুলী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য জীৱেশ্বৰ বৰা, নামনি মাজুলী শাখা সাহিত্য সভাৰ সভাপতি খগেন হাজৰিকা, সমন্বয় শাখা সাহিত্য সভাৰ সভাপতি আনন্দ নাথ, তৰুণ চন্দ্ৰ পামেগাম শাখা সাহিত্য সভাৰ সভাপতি অৰুণ চৰকাৰ আৰু সম্পাদক ৰাজু পায়েঙ, ৰাৱনাপাৰ শাখা সাহিত্য সভাৰ সম্পাদক তিলক ৰাজখোৱা, ৰাজু ৰাজখোৱা প্ৰমুখ্যে বহু সংখ্যক ভাষাপ্ৰেমীয়ে বক্তব্য আগবঢ়ায়। সভাত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাত বিশেষ ভূমিকা লোৱা অসম চৰকাৰ, অসম সাহিত্য সভা, অসম প্ৰকাশন পৰিষদ প্ৰমুখ্যে ভাষাবিদ সকললৈ ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰে। মাজুলীৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানতে অসমীয়া ভাষা আৰু অসমীয়া নামফলকৰ বাধ্যতামূলক ব্যৱহাৰৰ ব্যৱস্থা কৰিবৰ বাবে মাজুলী জিলা প্ৰশাসনক পত্ৰ প্ৰেৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।(classical language)
অন্য এক প্ৰস্তাৱত অসম সাহিত্য সভাৰ উচ্চ ক্ষমতা সম্পন্ন সমিতিয়ে প্ৰস্তুত কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশিত বিতৰ্কিত আৰু বিসংগতিমূলক পেনেল বাতিল কৰি অসম সাহিত্য সভাৰ লগত জড়িত স্বনামধন্য সাহিত্যিকৰ নাম পাঁচজনীয়া সভাপতিৰ প্ৰাৰ্থীৰ তালিকাত সন্নিৱিষ্ট কৰি জনমানসত সাহিত্য সভাক উজ্জ্বলাই তুলিব পৰাকৈ পদক্ষেপ ল’বলৈ অসম সাহিত্য সভাৰ সভাপতিলৈ অনুৰোধমূলক প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অন্য এক প্ৰস্তাৱ যোগে আজিৰ কাৰ্যনিৰ্বাহকে উচ্চ ক্ষমতা সম্পন্ন সমিতিখনৰ (তিনিজনৰ বাদে)সাহিত্য সভাৰ পবিত্ৰ সংবিধানৰ নীতি-নিষ্ঠতা আৰু সকলো গোপনীয়তা ভংগ কৰাত মাজুলী জিলা সাহিত্য সভাই তীব্ৰ আক্ষেপ প্ৰকাশ কৰে।