Breaking

বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ বেলশিৰি চাহ বাগিছাত সম্পন্ন হ’ল ভেকুলীৰ বিয়া…

0 37

পানীৰ অভাৱত মৰিব ধৰিছে বেলশিৰি চাহ বাগিছাৰ চাহ গছ
বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ আজি বেলশিৰি চাহ বাগিছাত সম্পন্ন হ’ল ভেকুলীৰ বিয়া

সূৰ্য্যৰ তাপমাত্ৰা অধিক বৃদ্ধি পোৱাত প্ৰখৰ ৰ’দ আৰু উৎকট গৰমে দহিছে ৰাজ্য৷বহুদিনৰ পৰাই নাই বৰষুণ,ফলত চৌদিশে সৃষ্টি হৈছে হাহাঁকাৰময়  পৰিবেশ৷বৰষুণৰ অভাবত অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বেলশিৰি চাহ বাগিছাতো এক অভাৱনীয় পৰিবেশৰ সৃষ্টি হৈছে৷সেয়েহে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ দেওবাৰে দিনৰ ১১ বজাত বেলশিৰি চাহ বাগিছাত অনুষ্ঠিত হ’ল ভেকুলীৰ বিয়া৷উল্লেখ্য পানীৰ অভাৱত এতিয়া মৰিব ধৰিছে বেলশিৰি বাগিছাৰ চাহ গছ সমূহ৷আনকি বৰষুণৰ অভাৱত কৃষকে পথাৰত সিচিব নোৱাৰিলে কঠীয়া৷হেয়েহে পানীৰ বাবে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ বেলশিৰি চাহ বাগিছাত আজি অনুষ্ঠিত হ’ল ৰাজা আৰু মিনাক্ষী নামৰ দুটাকৈ ভেকুলীৰ বহু প্ৰত্যাশিত

বিয়া৷ৰাজা আৰু মিনাক্ষীৰ বিয়াক লৈ বেলশিৰি চাহ বাগিছাত আজি পুৱাৰে পৰা এক ওখল মাখল পৰিবেশৰ সৃষ্টি হয়।এই বহু প্ৰত্যাশিত বিয়াৰ ৰাজা( দৰা) আৰু মিনাক্ষী (কন্যা)ৰাজা বেলশিৰি চাহ বাগিছাৰ অফিচ লাইনৰ আৰু মিনাক্ষী বেলশিৰি চাহ বাগিছাৰ খেৰ লাইনৰ৷দৰা কন্যা উভয় পক্ষৰ পৰিয়ালৰ উপস্থিতিত সম্পুৰ্ন হিন্দু ধৰ্মৰ নিয়ম-নীতি আৰু পুৰোহিতৰ মন্ত্ৰোচাৰণ,মাল্যাৰ্পন,কন্যাদান, সেন্দুৰ,হোম যজ্ঞৰে অগণন লোকৰ  উপস্থিতিত আজি এই বহু প্ৰত্যাশিত বিয়াখন সম্পন্ন হ’য়৷উক্ত বিবাহ অনুষ্ঠানত বেলশিৰি চাহ বাগিছাৰ মুখ্য পৰিচালক লক্ষী মাঝি,সহ পৰিচালক সকল ক্ৰমে অৰুণ বৰা,অসীম ভট্টাচাৰ্যী,লক্ষ্মণ শ্বাহ,কণকণ বৰুৱা,কৈলাশ কুমাৰ,চিডি দৈমাৰী,

মনোজ লাহন,বিৰাজ ঘোচাল,অজয় ৰজকৰ লগতে অজস্ৰ লোক উপস্থিত থাকে৷হিন্দু ধৰ্মৰ প্ৰতিটো ৰীতি-নীতিৰ মাধ্যমেৰে পুৰোহিত বাপধন চক্ৰবৰ্তীৰ লগতে বিপুল শৰ্মাই বিবাহ অনুষ্ঠান সম্পন্ন কৰে৷ৰিমঝিম শইকীয়া আৰু মিনতি ৰাভায় বিয়ানাম গাই আজি বিবাহ অনুষ্ঠানটি জীপাল কৰি তোলে৷উল্লেখযোগ্য যে এই বছৰ তীব্ৰ খৰাংৰ ফলত বেলশিৰি চাহ বাগিছাৰ কেচা চাহ পাত সমুহ শুকাই যোৱাৰ লগতে কৃষক সকলে খেতি পথাৰত বৰষুণৰ অভাৱত অদ্যপিও কঠিয়া সিচিব পৰা নাই৷সেয়েহে ভেকুলীৰ বিয়া পাতিলে বৰুণ দেৱতা সন্তুষ্ট হৈ বৰষুণ দিব বুলি জনবিশ্বাস আছে ,সেই বিশ্বাসক সৰোগত  কৰি বেলশিৰি চাহ বাগিছাত চাহ বাগিছাৰ শ্ৰমিক,মুখ্য পৰিচালক কৰ্মচাৰী,স্থানীয়  ৰাইজৰ সহযোগত ভেকুলীৰ বিবাহ সম্পন্ন কৰে ৷

প্ৰশান্ত বৈশ্যঃঢেকীয়াজুলি

Leave A Reply