Breaking

পবিত্ৰ শাওণ মাহত হাজাৰ হাজাৰ ভক্তৰে মুখৰিত ভীমাশংকৰ জ্যোতিৰ্লিংগ…

0 23

ভাৰতৰ আন আন বহু ৰাজ্যৰ দৰে অসমতো শাওণ মাহ আৰম্ভ হোৱাৰ সময়ৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ বহুতেই মাহটোক পবিত্ৰ মাহ বুলি গণ্য কৰি আহিছে। লোক বিশ্বাস অনুসৰি বোলবোম হিচাপে জনপ্ৰিয় আৰু দেবাদিদেৱ মহাদেৱৰ সৈতে স্মৃতি বিজড়িত শাওণ মাহত হিন্দু ধৰ্মাৱলম্বী লোকৰ বহুতেই সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰাৰ লগতে প্ৰতি সোমবাৰে পুৱা বা বহুতেই দেওবাৰে মাজনিশাৰ পৰা ওচৰৰ নদীৰ পৰা পদব্ৰজে গৈ পানী আনি সেই পানী কোনোবা শিৱ মন্দিৰ বা শিৱলিংগত পবিত্ৰ মনেৰে ঢালি দিয়ে। পৰম্পৰা অনুসৰি অসমৰ আন বহু অঞ্চলৰ দৰে গুৱাহাটী মহানগৰীৰ গড়চুকৰ সমীপৰ পামহীস্থিত ডাকিনীবামা পাহাৰত প্ৰাকৃতিক পৰিবেশৰ মাজত থকা ভীমাশংকৰত শাওণ মাহ আৰম্ভ হোৱা উপলক্ষে কালি মাজনিশাৰে পৰা পুৰুষ মহিলা নিৰ্বিশেষে হাজাৰ হাজাৰ লোকৰ সমাগম হয়। এই সন্দৰ্ভত ভীমাশংকৰ মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা ভীমাশংকৰ দ্বাদশ জ্যোতিৰ্লিংগ ডাকিনী পাহাৰ পঞ্চধাৰা শিৱ ধাম ন্যাস কমিটিৰ সভাপতি সনেশ টেৰ, সম্পাদক হেনৰী ডেভিড টেৰণ, সহকাৰী সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে বোলবোম উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ সমাগম হব বুলি কমিটি এইবেলি আগতীয়াকৈ সাজু হৈ আছিল।

ইতিমধ্যে অধিক ভক্তৰ সমাগম হব বুলি ধাৰণা কৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা , কোনো ভক্ত হঠাতে অসুস্থ হলে ততাতৈয়াকৈ প্ৰাথমিক চিকিৎসা প্ৰদানৰ বাবে চিকিৎসা সেৱা কেন্দ্ৰ স্থাপন কৰাকে ধৰি এম্বুলেন্সৰ ব্যৱস্থা কৰা হয়। তেনেদৰে কমিটিৰ ফালৰ পৰা শতাধিক স্বেচ্ছাসেৱক নিয়োগ কৰাৰ লগতে সন্দেহজনক ভক্তৰ গতিবিধি নিৰীক্ষণৰ বাবে কেবাটাও উচ্চক্ষমতা সম্পন্ন চি চি টি ভি স্থাপন কৰা হৈছে। আনকি ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি কিছুদিন পূৰ্বে ভীমাশংকৰত থকা শিৱলিংগত গৈ শৃংখলাবদ্ধভাবে শাৰী পতাৰ বাবে বিগত ২০২২ বৰ্ষত নতুনকৈ প্ৰবেশ পথ নিৰ্মাণ কৰা হৈছিল। কালি মাজনিশাৰে পৰা আজি সন্ধিয়া পৰ্যন্ত প্ৰায় ৩৫ হাজাৰৰো অধিক ভক্তই নতুন প্ৰৱেশ পথৰে প্ৰায় এক কিঃমিঃ পৰ্যন্ত শাৰীত থিয় দি কেবাঘণ্টা জোৰা অপেক্ষাৰ অন্তত গৈ শিৱলিংগত পানী ঢালি যাবতীয় পূজা অৰ্চনা কৰা পৰিলক্ষিত হয়। ইফালে কেবাটাও সংগঠনে ভীমাশংকৰলৈ অহা ভক্তই দৰ্শন কৰাৰ পাছত যাতে এমুঠি অন্ন গ্ৰহণ কৰিব পাৰে তাৰ বাবে ভোগ বিতৰণৰ ব্যৱস্থা কৰিছে। আনকি সমগ্ৰ অঞ্চলটো যাতে নিশা আলোকিত হৈ থাকে তাৰ বাবে অস্থায়ী ভাবে জেনেৰেটৰ স্থাপন কৰি অৰ্দ্ধ শতাধিক উচ্চ পোহৰযুক্ত লাইট সংযোজন কৰা হৈছে বুলি কমিটিৰ কৰ্মকৰ্তা সকলে সদৰি কৰিছে। ইফালে বাহন লৈ অহা ভক্তৰ বাহন ৰখাৰ বাবে মন্দিৰৰ প্ৰৱেশ পথৰ সন্মুখত গড়চুক-ৰাণীগেট সংযোগী পথৰ দাঁতিত থকা খেলপথাৰত পাৰ্কিং স্থাপন কৰি আলোকসজ্জাৰ ব্যৱস্থা কৰা হৈছে। আনকি কমিটীয়ে সকলোৱে যাতে শৃংখলাবদ্ধভাৱে দৰ্শন কৰিব পাৰে তাৰ বাবে পুৰুষ-মহিলা নিৰ্বিশেষে ১৫০ ৰো অধিক সেশ্বাসেবক নিয়োগ কৰা হৈছে।

Leave A Reply

Your email address will not be published.