Breaking

অইটছাৰ উদ্যোগত ভেৰগাঁ‌ৱত হাগ্ৰামা মহিলাৰীক ”ভীমবৰ দেউৰী ২০২১ বঁ‌টা” প্ৰদান

0 2,306

সৰ্বভাৰতীয় জনজাতী ছাত্ৰ সন্থা অসম চমুকৈ (AITSAA) অইটছাৰ উদ্যোগত ওদালগুৰি জিলাৰ ভেৰগাঁ‌ও বড়োলেণ্ড গেছ হাউছত প্ৰাক্তন বিটিচি মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী দেৱক এই বঁ‌টা প্ৰদান কৰা হয়।উল্লেখ যে জননেতা ভীমবৰ দেউৰীৰ ৭৪ তম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি মহান জননেতা জনৰ আদৰ্শৰ অনুসৰণে ৰাজনৈতিক প্ৰেক্ষাপথত আগুৱাই যোৱা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মহিলাৰী দেৱৰ সৱল নেতৃত্বক আৰু সমাজসেৱাৰ মহানুভৱতাক সন্মান জনাই সৰ্বভাৰতীয়  জনজাতীয় ছাত্ৰ সন্থা অসম চমুকৈ অইটছায়ে (AITSAA) আজি ভেৰগাঁ‌ৱত জননেতা ভীমবৰ দেউৰী বঁ‌টাৰে মহিলাৰী দেৱক অভিভূত কৰে আৰু লগতে মহিলাৰি দেৱেও উক্ত বটাঁ গ্ৰহণ কৰি সংগঠনটোৰ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনত বিভিন্ন জনগোষ্ঠীৰ লগতে  জনজাতীয় লোকৰ সমস্যা সমাধানৰ হকে সমিল মিলৰে ক্ষিপ্ৰ গতিত একে লগে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

Leave A Reply

Your email address will not be published.