Bhumiputra Chutia people: চুতীয়া জাতি সন্মিলনৰ শততম প্ৰতিষ্ঠা দিৱস উদযাপন

দৈনন্দিন বাৰ্তাৰ সেৱা, ঢকুৱাখনা, ১০ এপ্ৰিল: ঢকুৱাখনা জিলা চুতীয়া(Bhumiputra Chutia people) জাতি সম্মিলনৰ উদ্যোগত জিলা মহিলা সম্মিলন, যুৱ সম্মিলন আৰু মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত সদৌ চুতীয়া জাতি সম্মিলন, অসমৰ (Celebrating the 100th Foundation Day) শতবর্ষ উদযাপন৷(Chutia Jati Sammelan)

অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ পৱিত্ৰ মঞ্চ সদৌ চুতীয়া জাতি সন্মিলন, অসমে ১৯২৫ চনৰ আজি দিনটোতে প্রতিষ্ঠা লাভ কৰিছে।(Sati Sadhani)

চুতীয়া জাতিৰ উন্নয়ণৰ হকে নানা ঘাত-প্রতিঘাতৰ মাজেৰে কল্যাণ সাধনৰে সেৱা আগবঢ়াই অহা জাতীয় সংগঠনটোৰ জাতিৰ উপৰি পুৰুষসকলক স্মৰণ কৰাৰ লগতে ভৱিষ্যতৰ বাবেও সংকল্প গ্ৰহণৰ হেতুকে আজি ঢকুৱাখনা সাধনী ভৱনত(Sadhni Bhavan) দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে জিলা পৰ্যায়ত প্রতিষ্ঠা দিৱসটি উদযাপন কৰা হয়।

কাৰ্যসূচী অনুসৰি পুৱা গছপুলি ৰোপণ কৰে চুতীয়া উন্নয়ন পৰিষদৰ সদস্য চিত্ৰৰঞ্জন দাসে। সতী সাধনীৰ প্ৰতিমূৰ্তিত বন্তি আৰু পুষ্পাঞ্জলী অৰ্পণ কৰে ঢকুৱাখনা জিলাৰ উপদেষ্টা দিগেন্দ্ৰনাথ হাজৰিকাই।

পতাকা উত্তোলন কৰে চুতীয়া জাতি সন্মিলন,অসমৰ ঢকুৱাখনা জিলাৰ সভাপতি দিব্য খনিকৰে।

দুপৰীয়া অনুষ্ঠিত মুকলি সভাত ঢকুৱাখনা জিলাৰ সভাপতি দিব্য খনিকৰে সঞ্চালনা কৰা মুকলি সভাখনিত উদ্ধোধনী ভাষণ প্ৰদান কৰে সদৌ চুতীয়া জাতি সন্মিলনৰ, অসমৰ প্রশাসনিক সম্পাদক নৃপেন শইকীয়াই।

নিদিষ্ট বক্তা হিচাবে সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ উপদেষ্টা তুলসী প্রসাদ শইকীয়াই বক্তব্য ৰাখে।

Related Articles