Breaking

ভূপেন বৰা বিজেপিলৈ অহাটো একেবাৰে খাটাংঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

0 25

ভূপেন বৰা অসমৰ ৰাজনীতিৰ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয় জোকাৰঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা।


‘ভূপেন বৰা বিজেপিলৈ অহাটো একেবাৰে খাটাং’।


‘অকল চান্দা উঠাবৰ বাবে ভূপেন বৰা কংগ্ৰেছ দলত আছে, চান্দাখিনি উঠোৱা হ’লে তেওঁ বিজেপিলৈ আহিব’।

ভূপেন বৰা হ’ল অসমৰ ৰাজনীতিৰ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয় এজন জোকাৰ। এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। লখিমপুৰত শুক্ৰবাৰে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ আৰু কয় যে তেওঁৰ দৰে জোকাৰ এজনে যি তি কৰি থাকে আৰু আমি তেওঁক চাই থাকো। ভূপেন বৰা বিজেপিলৈ আহিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে ভূপেন বৰা বিজেপিলৈ অহাটো একেবাৰে খাটাং বুলি কয়।
ভূপেন বৰাই তিনিমাহ পিছত মুখ্যমন্ত্ৰীৰ চকী ল’ম বুলি কোৱা সন্দৰ্ভতো মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মুখ্যমন্ত্ৰী হোৱাৰ বাবে ভূপেন বৰাই যদি বিজেপি দললৈ আহিব বিচাৰে, তেন্তে আহিব পাৰে বুলি মন্তব্য কৰে। আনহাতে, ৰাইজৰ পৰা ভূপেন বৰাই আৰ্থিক সহায় বিচৰা সন্দৰ্ভত ভূপেন বৰাক তীব্ৰ কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চান্দা কিমান উঠাব পাৰি ভূপেন বৰাই তাক লৈয়ে ব্যস্ত থাকে। নিৰ্বাচনৰ চান্দাখিনি উঠোৱাৰ পিছতে ভূপেন বৰা বিজেপিলৈ আহিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অকল চান্দা উঠাবৰ বাবে ভূপেন বৰা কংগ্ৰেছ দলত আছে। বিজেপি দললৈ আহিলে তেওঁ নিৰ্বাচনৰ চান্দা উঠাব নোৱাৰিব, সেয়ে চান্দাখিনি উঠাই নিৰ্বাচনৰ পিছত ভূপেন বৰা আমাৰ দললৈ আহিব বুলি মন্তব্য কৰে।


কালি লখিমপুৰত প্ৰচাৰৰ বাবে উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা প্ৰায় ৬ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি কয়। লখিমপুৰত বিৰোধী দলৰ কোনো প্ৰভাৱ নাই বুলি তেওঁ মন্তব্য কৰে। বিৰোধীৰ স্থিতি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বিৰোধী এতিয়া ব্যস্ত মাথোঁ টকাৰ হিচাপ কৰাত। টকা কেচত আহিলনে চেকত আহিল, সেয়াহে তেওঁলোকৰ চিন্তা বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱা মন্তব্য কৰে।
উল্লেখ্য যে আজি অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই লখিমপুৰ জিলাৰ বাঁহগৰা, ফুলবাৰী, মধ্য নাওবৈচা আৰু ঘিলামৰাত চাৰিখনকৈ বিশাল নিৰ্বাচনী সভাত জনসাধাৰণক সম্বোধন কৰি লখিমপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী সমৰ্থিত প্রার্থী প্ৰদান বৰুৱাক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।

Leave A Reply

Your email address will not be published.