ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ পৃষ্ঠভূমি জামুগুৰিহাটৰ পৰা গৈ গুৱাহাটীত বসবাস কৰা জামুগুৰীয়াৰ অন্যতম অনুষ্ঠান ‘জামুগুৰিহাট গুৱাহাটী ফ’ৰাম’ৰ দ্বি-বাৰ্ষিক অধিবেশনখন যোৱা ৫ ডিচেম্বৰত শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীৱৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত সম্পন্ন হয়। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা উক্ত অধিবেশনৰ সাধাৰণ সভাখনত সভাপতিৰ আসন গ্ৰহণ কৰে ফ’ৰামৰ স্থায়ী সভাপতি তথা জ্যেষ্ঠ সাংবাদিক নিত্য বৰাই। ফ’ৰামৰ সদস্যা ৰিমলিম বৰুৱাই আঁতধৰা সভাখন মল্লিকা ৰায় গোস্বামীৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু ৰূপাঞ্জলি মহন্ত, ৰেখা মহন্ত আৰু গায়ত্রী মহন্তৰ সমবেত বৰগীতেৰে শুভাৰম্ভ কৰা হয়। শতাধিক সদস্যৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাখনত অসম চৰকাৰে ২০১৭ বৰ্ষৰ পৰা প্ৰদান কৰি অহা শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা নিৰ্দিষ্ট সময়ত প্ৰদানৰ বাবে আহ্বান জনোৱাৰ লগতে আগন্তুক বৰ্ষৰ পৰা সাংবাদিকতাৰ আলোক স্তম্ভ, জামুগুৰিহাটৰ পুৰোধা ৰাধিকা মোহন ভাগৱতীৰ নামত ‘সাংবাদিক বঁটা’ ফ’ৰামে নিজাববীয়াকৈ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰোপৰি গুৱাহাটীত এটি ‘জামুগুৰিহাট ভৱন’ স্থাপন, জামুগুৰিৰ পৰা যোৱা ৰোগীৰ অসুবিধা দূৰ কৰা আদি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সভাই গ্ৰহণ কৰে। সভাখনত পূৰ্বৰ সমিতিখন ভংগ কৰি আগন্তুক দুটা বৰ্ষৰ বাবে শক্তিশালী এখন কাৰ্যনিৰ্বাহ সমিতি গঠন কৰে। ফ’ৰামৰ সম্পাদক বেদব্ৰত বৰা আৰু কাৰ্যালয় সম্পাদক ঈশ্বৰ চন্দ্ৰ বৰাই জানিবলৈ দিয়া মতে উক্ত দিনা গঠন কৰা সমিতিখন ক্ৰমে সভাপতি – সদ্য অৱসৰপ্ৰাপ্ত আৰক্ষী মহাপৰিদৰ্শক ৰাণা ভূঞা, কাৰ্যকৰী সভাপতি – দীপাংকৰ বৰা, উপ সভাপতি ক্ৰমে – কুণ্টলমণি শৰ্মা বৰদলৈ, বেদব্ৰত বৰা, কন্দৰ্প শইকীয়া, যুটীয়া সম্পাদক হিচাপে শান্তনু শৰ্মা আৰু ইশ্বৰ চন্দ্ৰ বৰা, বিত্ত সম্পাদক – আৰমান আলি, কাৰ্য্যলয় সম্পাদক – ইন্দ্ৰ কান্ত কাৰ্কী নিৰ্বাচিত হয় ৷ আনহাতে উক্ত সভাতে নিত্য বৰা, দ্বিজেন দাস, অমিতাভ বৰঠাকুৰ, অভিজিৎ বৰঠাকুৰ আৰু মল্লিকা গোস্বামীক উপদেষ্টা হিচাপে মনোনিত কৰে। সভাৰ অন্তত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত অসমৰ অন্যতম জনপ্ৰিয় অভিনেত্রী, তথা জামুগুৰিহাটৰ জীয়ৰী গায়ত্রী মহন্ত, কণমানি কণ্ঠশিল্পী আশ্বাস আয়ুষ্মান আদিয়ে অংশ গ্ৰহণ কৰে। অধিবেশনখনৰ সফল সমাপ্তিত সকলোলৈকে কৃতজ্ঞতা জনাইছে উদ্যোক্তাসকলে। আনহাতে অসমৰ সংবাদ জগতৰ পুৰোধা তথা জামুগুৰীয়া সন্তান ৰাধিকা মোহন ভাগৱতীৰ নামত ‘সাংবাদিক বঁটা’ প্ৰদানৰ সিদ্ধান্তক আদৰণি জনাইছে জামুগুৰীবাসী ৰাইজে।