Breaking

নিৰ্বাচনৰ পূৰ্বে প্ৰথমটো যুক্তি-তৰ্কৰ বাবে মুখামুখি বাইডেন আৰু ট্ৰাম্প!জুলাই-আগষ্টত ৰিপাব্লিকান আৰু ডেম’ক্ৰেটিক সন্মিলন অনুষ্ঠিত হ’ব…

0 11

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন সমাগত। তাৰ প্ৰাকক্ষণত প্ৰথমটো যুক্তি-তৰ্ক কাৰ্যসূচীত মুখামুখি ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প।এই যুক্তি-তৰ্কৰ জৰিয়তে ৮১বছৰীয়া ডেম’ক্ৰেটিক নেতা বাইডেনে ভোটাৰ সকলক আশ্বস্ত কৰাৰ চেষ্টা কৰে যে কেনেদৰে তীব্ৰ প্ৰত্যাহ্বানৰ মাজেৰে দেশখনক তেওঁ আগুৱাই লৈ গৈছে আৰু নৱেম্বৰত ভোটাৰ সকলে যোগ্য প্ৰাৰ্থী হিচাপে তেওঁকে নিৰ্বাচিত কৰিব বুলিও তেওঁ আশাবাদী।

ইফালে ৭৮বছৰীয়া ট্ৰাম্পে নিউয়ৰ্কত তেওঁৰ বিৰুদ্ধে থকা অপৰাধমূলক ঘটনাবোৰ মিছা বুলি প্ৰমাণ কৰাৰ চেষ্টা কৰে। লগতে লাখ লাখ লোকক বুজাই দিয়ে যে তেওঁ অ’ভাল কাৰ্যালয়লৈ ঘূৰি অহাৰ বাবে উপযুক্ত।ট্ৰাম্প আৰু বাইডেনে কঠোৰ পৰিস্থিতিৰ সন্মুখীন হোৱাও দেখা গৈছে।তাৰ ভিতৰত আছে দলীয় ৰাজনৈতিক হুলস্থুল, অসন্তুষ্ট জনসাধাৰণ।যুক্তি-তৰ্কৰ সময়ত চিএনএনয়ে কেইবাটাও নিয়ম বান্ধি দিছিল।সেই নিয়মবোৰ পালন কৰিবলৈ সন্মত হৈছিল দুয়োগৰাকী নেতা।সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখুওৱা হৈছে যে কেনেকৈ ৮১ বছৰীয়া বাইডেন আৰু ৭৮ বছৰীয়া ট্ৰাম্পক তেওঁলোকৰ যুক্তি-তৰ্কৰ সময়ত সহায় কৰিবলৈ ‘উচ্চ-প্ৰযুক্তিৰ’ মাইক্ৰ’ফোন স্থাপন কৰা হৈছে। পূৰ্বৰ এনে যুক্তি-তৰ্কতকৈ ব্যতিক্ৰম আছিল কিয়নো কোনো লাইভ ষ্টুডিঅ’ৰ দৰ্শক নাছিল।

Leave A Reply