৩১ জানুৱাৰী, ২০২৫ঃ assam cabinet । অসম কেবিনেটৰ বৈঠক অসম চৰকাৰৰ লোকসেৱা ভবনত অনুষ্ঠিত হয় । বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে । মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে, এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীয়ে “আপোন ঘৰ আঁচনি”ৰ জৰিয়তে ৩০ লাখ টকাৰ ঋণ ল’ব পাৰিব।
পূৰ্বৰ নিয়ম অনুসৰি, চৰকাৰী কৰ্মচাৰীয়ে Home Loanৰ বাবদ মাত্ৰ ১৫ লাখ টকাৰ ঋণৰ সুবিধা লাভ কৰিছিল। কিন্তু, আজি অনুষ্ঠিত কেবিনেট বৈঠকৰ ফলত এই ঋণৰ পৰিমাণ ৩০ লাখ টকাৰ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে ৰাজ্যৰ ৩৭,২২৭ গৰাকী চৰকাৰী কৰ্মচাৰীৰ বাবে বৃহৎ সুবিধা ৰাইজৰ বাবে উপলব্ধ কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্তটোক কৰ্মচাৰীৰ আৰ্থিক সুৰক্ষা আৰু বসবাসৰ সুবিধাৰ বাবে এক মহৎ পদক্ষেপ হিচাপে বৰ্ণনা কৰে। তেওঁ লগতে উল্লেখ কৰে যে এই নতুন ব্যৱস্থা চৰকাৰী কৰ্মচাৰীক নিজস্ব ঘৰ নিৰ্মাণৰ বাবে অধিক আৰ্থিক সহায় আগবঢ়াই তুলিব।
এই সিদ্ধান্তৰ ফলে অসমৰ চৰকাৰী কৰ্মচাৰীৰ জীৱনযাত্রাৰ মান উন্নতি পাব, আৰু তেওঁলোকে অধিক সুৰক্ষিত পৰিৱেশত নিজৰ ঘৰ নিৰ্মাণৰ সুযোগ লাভ কৰিব।