Breaking

টেঙাখাত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সাফল্য…

0 358

টেঙাখাত আৰক্ষীৰ সাফল্য ৷ এক বিশেষ সুত্ৰৰ পম খেদি কালি সন্ধিয়া প্ৰায় ৫ মান বজাত টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমন চাহাৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে লেংৰাই বজাৰৰ সমীপত অতৰ্কিতে অভিযান

চলাই পাখৰীজনীয়া গাওঁ ভৱানী চুতীয়া (৩৭) , লোহালী গাওঁ প্ৰাঞ্জল গগৈ (৩৪) আৰু ১নং বৰপথাৰ গাওঁৰ পল্লৱ গগৈ (৩৮) গাওঁৰ এই তিনিটা গাঞ্জা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ৷ সৰবৰাহকাৰী কেইটাৰ পৰা 12.620 kg

গাঞ্জা সহ AS23M 5747 নম্বৰৰ এখন ৱাগানাৰ বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ আজি টেঙাখাত আৰক্ষীয়ে ৩৫/২৪ নম্বৰত এক গোচৰ ৰুজু কৰি তিনিওটাকে জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ লগতে অধিক তথ্য সন্ধানত আৰক্ষী তদন্ত অব্যাহত ৰাখিছে ।

Leave A Reply