Breaking

বিহালী আৰক্ষীৰ বৃহৎ সাফল্য।বৰগাং মৰাণ গাৱৰ অপহৃত চাৰি শিশু উদ্ধাৰ ইটানগৰত।অপৰাধীক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ

0 2,080

বিহালী  আৰক্ষী থানা অন্তর্গত বৰগাংমৰাণ গাওঁ  আৰু টংবাৰী গাওঁৰ পৰা  বিগত ছয়মাহৰ ভিতৰত অপহৰণ কৰি নিয়া হয়  চাৰি টাকৈ  শিশু ।
ইফালে এই ৪ টা শিশু উদ্ধাৰ বাবে অহৰহ চেষ্টা কৰিছিল বৰগাং মৰণা গাওঁৰ গাওঁৰক্ষী  বাহিনী লগতে বিহালী আৰক্ষী থানাৰ  ভাৰপ্রাপ্ত বিষয়া আৰু বিহালী আৰক্ষী চক্র বিষয়া। এই বিহালী আৰক্ষী আৰু আৰক্ষী  চক্ৰ বিষয়া নেতৃত্বত উদ্ধাৰ কৰিবলৈ সক্ষম হয়  অপহৰণ হোৱা ৪ টা শিশু ।
জানিব পৰা মতে যোৱা ৬ মে তাৰিখে বৰগাং মৰণা গাওঁ গাওঁ ৰক্ষী বাহিনী আৰু  ৰাইজৰ সহযোগত বৰগাং মৰাণ গাওঁৰ   ইফৰান খান (২০)আৰু চুমন দাস(১৫)ক আটক কৰি আৰক্ষীক চমজাই দিয়াৰ পিছত আৰক্ষীয়ে নেৰানেপেৰা তদন্ত কৰি ফলত  ১২ মে”ত মিকিৰ চাং ডফলাগড়ৰ  আশিষ পানিকা ওৰফে বাবু আৰু চত্রং নেপালী , অসম অৰুণাচল সীমান্ত গহপুৰৰ হলেঙি গেটৰ কুখ্যাত  মানৱ সৰবৰাহ কাৰী মহিলা  জোস্না দেউৰী(২৮),তেওৰ স্বামী দামোদৰ দেউৰীক  আটক কৰে কৰিছিল বিহালি আৰক্ষীয়ে হলঙি গেটৰ আৰক্ষী সহযোগত।ইফালে এই কুখ্যাত মহিলা গৰাকীক আৰক্ষীয়ে আটক কৰি আৰক্ষীয়ে সোধপোছ আৰম্ভ কৰে।!আৰক্ষীৰ তীব্র হেচাত যোৱা কালি অৰুনাচলৰ প্ৰদেশৰ ইটানগৰৰ  পৰা শিশু কেইটা  আনি শিশু সৰবৰাহ কাৰী মহিলা  জোস্নাৰ ঘৰত থৈ যায় চক্ৰটোৱে। তাৰ পিছত আৰক্ষীয়ে শিশু কেইটা বিহালী লৈ আহি আজি সস্বাস্থ্য  পৰীক্ষা কৰে কৰি  আদালতত হাজিৰ কৰি শিশুক পৰিয়ালক চমজাই দিয়াৰ ব্যৱস্থা  কৰিছে  ।
ত আৰক্ষী সূত্ৰ প্ৰকাশ  ইফৰাং খান আৰু চুমন দাসে শিশু সকলক ফুচলাই নি বাবুক গতাই দিয়ে আৰু বাবুৱে  গহপুৰ হলঙি গেটৰ জোস্না দেউৰীক দিয়ে আৰু জোস্নাই অৰুনাচলৰ গংগাৰ এখন দোকানত আনিয়া মালা নামৰ এগৰাকী ব্যক্তিক গতাই দিয়ে ।!পিছক আনিয়াই বিভিন্ন জনক শিশু বিলাকক দিয়ে ।
জানিব পৰা মতে এগৰাকী শিশুৰ বাবদ  তেওলোকে ৮০হেজাৰৰ পৰা ৯০হেজাৰ টকা লাভ কৰে !এই টকা উক্ত চক্ৰটোৰ সকলোৱে ভাগ কৰে ।
বিহালী থানাৰ ভাৰপ্রাপ্ত বিষয়া কমল বড়ো আৰু চক্র পৰিদর্শক ৰিষেশ্বৰ শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ দলে শিশু খিনিক উদ্ধাৰ কৰা কার্যক অঞ্চলটোৰ ৰাইজে প্রসংশা কৰিছে

Leave A Reply

Your email address will not be published.