Breaking

মিকিৰভেটাত চাইবাৰৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সাফল্য…

0 112

মৰিগাঁও জিলাৰ মিকিৰভেটাত ASP ছমীৰণ বশ্যৰ নেতৃত্বত চলা এটা অভিযানত আটক চাৰিজনকৈ সন্দেহজনক চাইবাৰ অপৰাধী।চাৰিজন ক্ৰমে- মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাছুদ আহমেদ, মোবাৰক হুছেইন, ছাদ্দাম হুছেইন আৰু তাছকীৰ আহমেদ।

ধৃত চাৰিজনৰ পৰা চেণ্ট্ৰেল বেংকৰ ৩৮৬ খন ATM কাৰ্ড, নগদ ৪০ হাজাৰ ৯০০ ২৫ টকা, ৫ টা মবাইল ফোন, ২ টা কেলকুলেটাৰ, এখন চাৰিচকীয়া বাহনৰ লগতে কিছু পৰিমাণৰ নথি জব্দ কৰে অভিযানকাৰী দলটিয়ে।বৰ্তমানলৈ আটক কৰা চাৰিজনক প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে অভিযানকাৰী দলটিয়ে।


লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.