বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বিহমাৰী বনগাঁৱত বিগত ১৩ ফেব্ৰুৱাৰীত এগৰাকী মাতৃহীনা ১৭ বছৰীয়া কিশোৰীক লক্ষিমপুৰ জিলাৰ এজন যুৱক লিংটন দিহিঙীয়াই ঘৰৰ পৰা ৰাতি উলিয়াই নি ধৰ্ষণ কৰাৰ পাছত শাৰীৰিক অত্যাচাৰ কৰি ঘৰৰ পিছফালে মূমূৰ্ষু অৱস্থাত পেলাই থৈ গৈছিল । পিছত পিতৃ ও পৰিয়ালৰ লোকে পথাৰৰ পৰা উঠাই আনি ঘটনাৰ বিষয়ে জানিব পাৰি বিহালী আৰক্ষীক গোচৰ দি, চিকিৎসাৰ ব্যৱস্থা কৰিছিল । উন্নত চিকিৎসাৰ বাবে বিহালীৰ পৰা তেজপুৰ চিকিৎসা মহাবিদ্যালত ভৰ্তি কৰাইছিল কিশোৰী গৰাকীক আৰু চাৰি-পাঁচ দিনৰ পাছত চিকিৎসকে সুস্থ হোৱা বুলি ছুটী দিছিল । কিন্তু তাৰ দুদিনমানৰ পাছৰে পৰা পুনৰ অসুস্থ হৈ পৰা কিশোৰী গৰাকীৰ শাৰীৰিক অৱস্থা সম্প্ৰতি গুৰুতৰ ।ইফালে তেনে এক পাশৱিক কাণ্ড সংঘটিত কৰা লম্পট্ লিংটন দিহিঙীয়া আৰু ধৰ্ষণ কাণ্ডৰ সহযোগী তথা বনগাঁৱৰে ৰূদ্ৰ দাসক আজিও কৰায়ত্ত নকৰিলে আৰক্ষীয়ে ।
তদুপৰি কিশোৰী গৰাকী পুনৰ অসুস্থ হৈ পৰা বুলি বিহালী আৰক্ষী থানাত পিতৃয়ে অৱগত কৰোঁতে থানালৈহে মাতি পঠোৱা বুলি গোলাপ দাসে সাংবাদিকক জানিবলৈ দিয়ে ।উল্লেখযোগ্য যে, দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা গোলাপ দাসৰ পৰিয়ালটোৱে নিজাববীয়াকৈ উন্নত চিকিৎসা কৰাবলৈকো বৰ্ত অক্ষম । আজি বিহালী প্ৰেছ ক্লাৱৰ সাংবাদিকৰ এটা দল বিহমাৰীৰ গোলাপ দাসৰ ঘৰত পুনৰ উপস্থিত হৈ শেহতীয়া অৱস্থাৰ বুজ ল’বলৈ যোৱা সময়ত স্থানীয় মহিলা তথা ৰাইজে,দোষীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ লগতে অসূস্থ, দূৰ্ভগীয়া কিশোৰী গৰাকীৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আৰক্ষী প্ৰশাসনৰ লগতে জিলা উপায়ুক্ত মহোদয়ক দাবী জনাইছে ।