Bihar Jitiya festival: বিহাৰত জিতিয়া উৎসৱৰ সময়তে অঘটনঃ পানীত বুৰি ৩৭টা শিশু আৰু ৭গৰাকী মহিলাকে ধৰি ৪৬ জন লোকৰ প্ৰাণহানি

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৭ ছেপ্টেম্বৰঃ বিহাৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ৰাজ্যখনত পৰম্পৰাগতভাৱে পালন কৰা জিতিয়া উৎসৱৰ সময়তে ৩৭টা শিশু আৰু ৭গৰাকী মহিলাকে ধৰি ৪৬জন লোকে প্ৰাণ হেৰুৱায়।(Bihar Jitiya festival)

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ক্ষতিগ্ৰস্ত পৰিয়ালৰ প্ৰতি শোক প্ৰকাশ কৰি প্ৰতিজন ভুক্তভোগীৰ নিকট আত্মীয়ক ৪ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। বিগত ২৪ ঘন্টাত এই শোকাৱহ ঘটনা সংঘটিত হৈছে পূব আৰু পশ্চিম চম্পাৰণ জিলাত।(Chief Minister Nitish Kumar)

ঔৰংগাবাদ, কাইমুৰ, বাক্সাৰ, ছিৱান, ৰোহতাছ, সাৰণ, পাটনা, বৈশালী, মুজাফ্ফৰপুৰ, সমস্তীপুৰ, গোপালগঞ্জ, আৰু আৰৱালতো বহু লোকৰ সলিল সমাধি ঘটাৰ খবৰ পোৱা গৈছে। দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি ইতিমধ্যে ৪৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে, বাকী থকা ব্যক্তিসকলক বিচাৰি উলিওৱাৰ প্ৰচেষ্টা অব্যাহত আছে।

সন্তানৰ কল্যাণ আৰু সমৃদ্ধিৰ বাবে মাতৃসকলে উদযাপন কৰা জিতিয়া উৎসৱত পানীৰ মাজলৈ শিশুসহ পৰিয়ালৰ লোকে গৈছিল। ফলত এনে অঘটনসমূহ ঘটে। এই অনুষ্ঠানৰ সময়তে বহু শিশুক পানীৰ কোবাল সোঁতে উটুৱাই নিয়ে। ঔৰংগাবাদত ৮টা শিশু পানীত ডুব যায়, ইটাহাট গাঁৱত চাৰিটা আৰু কুশাহা গাঁৱত আন চাৰিটাকৈ শিশুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।(46, including 37 children, drown across Bihar during Jitiya festival)

একেদৰে কাইমুৰ জিলাত ৭ জন নাবালক পানীত উটি যোৱাটো নিশ্চিত কৰা হৈছে।উদ্ধাৰ প্ৰচেষ্টাত সহায়ক হোৱাকৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ)ৰ দল নিয়োগ কৰা হৈছে। ঔৰংগাবাদৰ জিলা দণ্ডাধীশ শ্ৰীকান্ত শাস্ত্ৰীয়ে প্ৰকাশ কৰা মতে পৰিয়ালসমূহে শিশুসহ পানীত ডুব বিচৰাৰ সময়ত এনে ঘটনা সংঘটিত হয় ।

Related Articles