Breaking

বিহু শিল্পী সংস্থা অসমৰ ‘বিহু ৰত্ন ২০২৪’ বঁটা প্ৰদান আৰু নতুন কেন্দ্ৰীয় সমিতি গঠন

0 145

সমগ্ৰ অসমৰ বিহুৱা বিহুৱতীসকলৰ সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষাৰ বাবে ২০১৯ চনৰ ২৯ চেপ্তেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত জন্ম হোৱা “বিহু শিল্পী সংস্থা, অসম”ৰ চতুৰ্থ বাৰ্ষিক ৰাজ্যিক অধিৱেশন স়ংস্থাৰ কামৰূপ মহানগৰ জিলা সমিতি আৰু কামৰূপ গ্ৰাম্য জিলা সমিতিৰ উদ্যোগত যোৱা ২৪-০২-২৪ তাৰিখে গুৱাহাটীৰ ৰুক্মিণী নগৰৰ ৰঙ্গমঞ্চ প্ৰেক্ষাগৃহত অনুস্থিত হয়।

সংস্থাৰ প্ৰায় ১৫ খন জিলা সমিতিৰ ৪০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা অধিৱেশনখনৰ মুকলি সভা উদ্বোধন কৰে নৃত্যাচাৰ্য্য যতীন গোস্বামীয়ে। মুকলি সভাত সোমনাথ বড়া ওজা, প্ৰবিণ শইকীয়া, বিমান বৰুৱা, খগেন গগৈ, ড° সমৰ গগৈ, গিতুমনি দাসকে ধৰি বহুতো জ্যেষ্ঠ বিহুৱা, বিজেপি অসম প্ৰদেশৰ উপ সভাপতি জয়ন্ত দাস, অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগম পৰিসীমিতৰ উপাধ্যক্ষ ডাঃ আলেখ্য বৰুৱা, জনপ্ৰিয় কন্ঠ শিল্পী মন্টুমনি শইকীয়া আৰু বিভিন্ন ক্ষেত্ৰৰ বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

অধিৱেশনৰ উপলক্ষে “কলীমতী” নামৰ সংস্থাৰ স্মৰণিকাখন উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক তথা সাংস্কৃতিক সংগঠক গোপাল জালানে।


বিহু শিল্পী সংস্থা অসমৰ চতুৰ্থ বাৰ্ষিক ৰাজ্যিক অধিৱেশনৰ লগত সংগতি ৰাখি এই বৰ্ষৰ পৰাই সংস্থায়ে অসমৰ বিহু শিল্পীসকলৰ বাবে ঘোষণা কৰা বিহু ৰত্ন ২০২৪ বঁটা প্ৰদান কৰে জ্যেষ্ঠ বিহুৱা জয়ন্ত সোণোৱালক।


জ্যেষ্ঠ বিহুৱা দীপ জ্যোতি হাজৰিকাক ৰাজ্যিক সভাপতি আৰু পংকজ বৰা আৰু পংকজ দাসক যুটীয়া সম্পাদক, জয়দেৱ ডেকাক বিত্তীয় সম্পাদক, ৰাকেশ বড়োক সাংস্কৃতিক সম্পাদক ৰূপে লৈ বিহু শিল্পী সংস্থা অসমৰ নতুন কেন্দ্ৰীয় সমিতিখন অহা তিনি বছৰৰ বাবে গঠন কৰা হয়।

Leave A Reply

Your email address will not be published.