দৈনন্দিন বাৰ্তাৰ সেৱা, দৰং, ২৯ মাৰ্চঃ গোৰেশ্বৰত অনুষ্ঠিত হোৱা বিহু সুৰক্ষা সমিতি(Bihu Suraksha Samiti) অসমৰ সপ্তম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় পূৰ্ণকালীন অধিবেশনৰ ২৯ মাৰ্চত ৫ বজাত জাগৰন কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা অধিৱেশনৰ আৰম্ভ হয়৷

৬ বজাত ৰূপায়ন হয় প্ৰভাতী অনুষ্ঠান, ৭-৩০ পৰিবেশ নিকাকৰন, ৮-৩০ গছপুলি ৰোপন, ১০ বজাত প্ৰতিনিধি, বিহুৱা-বিহুৱতী আৰু বিহু বিচাৰক সকলৰ নাম পঞ্জীয়ন, ১০-৩০ বজাত প্ৰদশৰ্নী আৰু গ্ৰন্থ বিপিনী উদঘাটন হোৱাৰ পিছতে ১১ বজাত অনুষ্ঠিত হয় মহিলা মঞ্চৰ কেন্দ্ৰীয় সমাৰোহ৷
গোৰেশ্বৰ মহাবিদ্যালয়ৰ(Goreswar College) অধ্যাপিকা ড° প্ৰতিভা পাটোৱাৰীয়ে মঞ্চ উদ্বোধন আৰু লোকশ্ৰী বিমলা গগৈ গোঁহাইয়ে সমাৰোহ উদ্বোধন কৰা সমাৰোহ খনত নিদিষ্ট বক্তা হিচাবে উপস্থিত থাকি ভাষন আগবঢ়াই এন ডি ২৪ৰ সাংবাদিক এঞ্জেলা চাংমাইয়ে৷
নিদিষ্ট বক্তাৰ ভাষনত সাংবাদিক এঞ্জেলা চাংমাইয়ে কয় জন্মৰ পৰা মৃত্যুলৈ আমাক লগ নেৰে বিতৰ্ক থাকিলেহে সৃষ্টি হ’ব৷ গতিকে বিতৰ্ক দেখি ভাল কাম এটি কৰাৰ পৰা কেতিয়াও পিছুৱাই আহিব নালাগ৷ গতিকে কোনো বিতৰ্কই আমাক থমকায় ৰাখিব নোৱাৰে বা বিতৰ্ক দেখি আমি ভাল কাম এটা কৰাৰ পৰা কেতিয়াও আতৰি নাহো তাৰ প্ৰতি সদায় লক্ষ্য ৰাখি আগবাঢ়ি গলে সমাজত ভাল কামৰ সংখ্যা সদায় বাঢ়ি যাব৷৷(Jeng Bihu)
সংৰক্ষণ কৰে যাক বেছি ভাল পায় তেওঁকহে৷ যেনেকৈ মাতৃয়ে সন্তানক সদায় সংৰক্ষণ কৰি ৰাখিব বিচাৰে৷ বিহুক সুৰক্ষা দিবলৈ ওলাই অহা প্ৰত্যেক জন ব্যক্তিয়ে বিহুক ইমানে ভাল পায় যাৰ বাবে আজি বিহুৰ স্বকীয়তা যাতে কোনোয়ে কাঢ়ি নিব নোৱাৰে তাৰ বাবে সুৰক্ষা দিবলৈ ওলায় আজি আহিছে সেয়া প্ৰত্যেক গৰাকী অসমীয়াৰ বাবে গৌৰৱৰ বিষয়৷

বিতৰ্কক ভয় কৰি পিছুৱাই থাকিলে সৃষ্টি কেতিয়াও নহয় গতিকে বিহু সুৰক্ষা সমিতিয়ে যি লক্ষ্য উদ্দেশ্যৰে আগবাঢ়ি আহিছে বিতৰ্কক ভয় কৰি কেতিয়াও পিছুৱাই নাযাব৷ আপোনালোক পিছুৱাই গলে আপোনালোকৰ যি লক্ষ্য উদ্দেশ্য সেয়া কেতিয়াও পূৰন নহব৷ প্ৰত্যেকগৰাকী নাৰীয়ে দুটা কথাত বিশেষ গুৰুত্ব দিব লাগে সেয়া হ’ল একাগ্ৰতা আৰু অধ্যয়ন৷ কাৰন একাগ্ৰতা আৰু অধ্যয়নৰ ওপৰত গুৰুত্ব দিলে নাৰী কোনো দিনে অবলা হৈ নাথাকিব আৰু তেতিয়া দেখিব সমাজখন আৰু এখোপ ওপৰলৈ আগবাঢ়ি গৈছে৷
ইফালে বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মানস শৰনীয়াই সমাৰোহখনত বক্তব্য প্ৰদান কৰে৷ কেন্দ্ৰীয় মহিলা মঞ্চৰ মুখ্য আহ্বায়িকা নিজুৰাভা গগৈয়ে আত ধৰা আৰু ৰেনুমনি গগৈ আহ্বায়িকা গিতুমনি গগৈ, মনিমালা মহন্ত, ইন্দানী গোস্বামী, আৰু জুমু কলিতাই সহযোগ আগবঢ়ােৱা সমাৰোহখন সঞ্চালনা কৰে বিহু সুৰক্ষা সমিতি অসমৰ সভাপতি যতীন গগৈ আৰু শুভেচ্ছামূলক আদৰনী ভাষন আগবঢ়াই সম্পাদক প্ৰধান ৰেৱ বৰাই৷
তামোলপুৰ জিলাৰ(Tamolpur district) মহিলা মঞ্চই পোন প্ৰথমবাৰৰ বাবে লোক শিল্পী প্ৰফুল্ল লহকৰে ৰচনা আৰু সুৰ কৰা ৰেনুমনি গগৈ আৰু ৰবি কুমাৰ ডেকাই সহযোগ আগবঢ়াই সম্পূৰ্ণ কৰি তোলা সমবেত সংগীত পৰিবেশন কৰাৰ লগতে বহুকেইখন জিলাৰ মহিলাসকলে দিহানাম, বিয়ানাম, জেং বিহুৰ লগতে বিভিন্ন জনগোষ্ঠীয় লোককৃষ্টিসমূহ পৰিবেশন কৰে৷(Ensemble music performance)