কোকৰাঝাৰ জিলাৰ গোসাইগাঁও চহৰত দেওবাৰৰ পৰা অহা ৩১ মাৰ্চ লৈকে বিহু নাচৰ পাঁচ দিনীয়া কৰ্মশালাৰ আয়োজন কৰা হয় ৷ গোসাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত সদৰ চহৰ স্থিত কমল নাথ ক্লাব কাম লাইব্ৰেৰীৰ উদ্যোগত আয়োজিত কৰ্মশালাৰ শুভ উদ্বোধন কৰে গোসাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৰজ্যোতি বাইলুঙে আৰু বন্তি প্ৰজ্বলন কৰে শাখা সাহিত্য সভাৰ সাধাৰন সম্পাদক খনীন্দ্ৰ নাথ দাসে ৷ কৰ্মশালাত গোসাইগাঁও এলেকাৰ ষাঠিৰ অধিক লৰা-ছোৱালীয়ে অংশগ্ৰহন কৰি প্ৰশিক্ষণ লয় ৷ পোন প্ৰথম বাৰৰ বাবে গোসাইগাৱঁত অনুষ্ঠিত বিহু নাচৰ কৰ্মশালাত সকলো জাতি-জনগোষ্টীৰ লৰা-ছোৱালীৰ অংশগ্ৰহন তথা ৰাইজৰ উপস্থিতি লক্ষ্য কৰি যথেষ্ঠ আনন্দিত হৈছে বুলি কৰ্মশালাৰ আহ্বায়ক গোসাইগাঁও কলেজৰ অধ্যাপিকা ড° মিনাক্ষী পাঠকে প্ৰকাশ কৰে ৷
উল্লেখ্য যে গোসাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অহা ২৫ আৰু ২৬ এপ্ৰিলত দুদিনীয়া কাৰ্য্যসুচীৰে বিহুৰ আয়োজন কৰিছে আৰু উক্ত অনুষ্ঠানত জাতি,ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে অংশগ্ৰহণ কৰিবলৈ আয়োজক সমিতিয়ে আহ্বান জনাইছে ৷