Breaking

শতবৰ্ষ গৰকাৰ ‘বিজুলী প্ৰসাদ’ নাই…

0 66

শতবৰ্ষ গৰকাৰ ‘বিজুলী প্ৰসাদ’ নাই। বগা চাহাবৰ ৰাজ আতিথ্য লাভ কৰা সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ বয়স্ক হাতীটোৰ নামেই বিজুলী প্ৰসাদ । কিন্তু আজি বিজুলী মৃত্যু। ভাৰতৰ আটাইতকৈ বয়স্ক জীৱিত হাতীটো আছিল বিহালী সমষ্টিত বিহালী চাহ বাগিচাত। উল্লেখযোগ্য যে বৃটিছ উপনিবেশৰ সাক্ষ্য বহনকাৰী ভাৰতৰ আটাইতকৈ বয়স্ক জীৱিত হস্তীটো নাম ৰাখিছিল বিজুলী প্ৰসাদক। পূৰ্বে বিজুলিক বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰগাঁও চাহ বাগিছাত ৰখা হৈছিল যদিও আছিল পিছত জিলাখনৰে বিহালী চাহ বাগিছাৰ বাসিন্দা বিজুলী প্ৰসাদ। আজিও সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা বিজুলীৰ খবৰ ৰাখে ইংৰাজ চাহাবে।

প্ৰায় ৮৬ বছৰ পূৰ্বে উইলিয়ামছন মেগৰ টি কোম্পানীয়ে ক্ৰয় কৰিছিল হাতীটো । বৃটিছৰ অলিভাৰ চাহাবে হাতীটোক নাম দিছিল বিজুলী প্ৰসাদ। মেগৰ কোম্পানীৰ পৰিয়ালৰ সদস্য হৈ পৰা বিজুলী এসময়ত হৈ পৰিছিল কোম্পানীটোৰ আভিজাত্যৰ প্ৰতীক। বিজুলিৰ খাদ্য তালিকাত আছিল প্ৰতিদিনে ২৫ কেজি চাউল, সম পৰিমানৰ গোমধান, বুটমাহ আৰু সপ্তাহত কেইবাগাড়ীও কলগছ যোগান বিজুলী প্ৰসাদক যোগান ধৰি গৈছিল চাহ বাগিচাৰ কৰ্তৃপক্ষই। বিজুলী প্ৰসাদক পৰিচৰ্যাৰ বাবে বৃটিছৰ অলিভাৰ চাহাবে নিয়োগ কৰিছিল কেইবাজনো কৰ্মচাৰী । তাৰ লগতে প্ৰতি সপ্তাহতে বিজুলী প্ৰসাদৰ শৰীৰৰ ওজন পৰীক্ষা কৰাৰ লগতে নিয়মিত বিজুলীৰ স্বাস্থ্য পৰীক্ষা কৰি পঠোৱা ব্যৱস্থা কৰিছিল বাগিচা খনৰ মুখ্য কাৰ্যালয় কলিকতালৈ।


কিন্তু জীয়াই থকা সময়ত পুৱাই প্ৰতি দিনে ২৫ কেজি খাদ্য যোগান ধৰিছিল ৷ বিজুলীৰ খাদ্যৰ তালিকাত আছে চাউল, গোমধান আৰু বুটমাহৰ লগতে দৈনিক যোগান ধৰা হয় কলগছ ৷ বিজুলিক পৰিচৰ্যা কৰোতে বছৰি ৬ লাখ টকা খৰচ হয় আৰু চাহ কোম্পানীয়ে খৰচ কৰে সমুদায় ধন ৷ পশু চিকিৎসক ড° কে কে শৰ্মাৰ তত্বাৱধানত হাতীটোক নিয়মিত স্বাস্থ্য পৰীক্ষা চলিছিল। কিন্তু পূৰ্বে কৰ্ণাটকৰ বয়স্ক হাতী চামুণ্ডা প্ৰসাদৰ ৮২ বছৰ বয়সত মৃত্যু হোৱাৰ পিছত এতিয়া বিজুলী প্ৰসাদেই দেশৰ বৰ্ষীয়ান হাতী হিচাপে স্বীকৃতি লাভ কৰিলে ৷ কিন্তু আজি হাতীটো মৃত্যু খবৰে সকলোকে মৰ্মাহত কৰি তুলিছে। ইফালে ঘটনা স্থানত বৰগাং বন বিভাগ চিকিৎসক দল উপস্থিত হৈ মৰনোক্ত পৰীক্ষা আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.