Bike Rider:বাইক আৰোহীক ললিপপ প্ৰদান কৰিব কিয় !

দৈনন্দিন বাৰ্তাৰ সেৱা,বোকাখাত, ৭ অক্টোবৰঃ(Bike Rider) হেলমেট পৰিধান নকৰি বাইক চলাই দুৰ্ঘটনাত পতিত হ’লে আৰু শৰীৰত আঘাট পালে, চিকিৎসকে চিকিৎসাৰ জৰিয়তে সকলো ঠিক কৰিব পাৰে ৷ কিন্তু হেলমেট পৰিধান নকৰাৰ ফলত মূৰত গুৰুতৰ আঘাট পালে তাৰ কোনো চিকিৎসা নাই ৷ এই মন্তব্য বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ ৷ বোকাখাত আৰক্ষী থানাৰ সন্মুখত ফেচেংবৰ হেৰিটেজৰ হেলমেট পৰিধান নকৰি বাইক চলোৱা লোকক হেলমেট পৰিধান কৰিবলৈ আহ্বান জনোৱা অনুষ্ঠানত এই মন্তব্য কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷

গোলাঘাট জিলা পৰিবহন বিভাগ, বোকাখাতৰ স্বেচ্ছাসেৱী সংগঠন ফেচেংবৰ হেৰিটেজৰ যৌথ উদ্যোগত বোকাখাত আৰক্ষী থানা আৰু বোকাখাত পৌৰসভাৰ সহযোগত বোকাখাত পৌৰসভা কাৰ্যালয়ৰ সন্মুখত এখন পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত কৰে ৷ মূলতঃ যুৱ প্ৰজন্মৰ একাংশই তীব্ৰ গতিত বাইক চলোৱা, সুৰাপান কৰি বাই চলোৱা, হেলমেট পৰিধান নকৰাকৈ বাইক চলোৱাৰ ফলত প্ৰতি দিনেই দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷

বিশেষকৈ পূজা আদি উৎসৱ মুখৰ পৰিৱেশত অত্যাধিক গতিত বাইক চলাই দুৰ্ঘটনা সংঘটিত কৰাৰ উপৰিও কেতিয়াবা মৃত্যু মুখতো পৰিছে ৷ তাৰেই সজাগতাৰ বাবে আজি সংগঠন কেইটাই পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত কৰে ৷ ফেচেংবৰ হেৰিটেজৰ সভাপতি ৰাজীৱ বৰাৰ সভাপতিত্বত ৰূপজ্যোতি ভৰালীয়ে আঁত ধৰা অনুষ্ঠানত অনুষ্ঠিত সজাগতা সভাত বোকাখাত মহকুমা আৰক্ষী বিষয়া অতুল কুমাৰ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, সমাজকৰ্মী অনিমেষ শইকীয়া, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতাই পথ সুৰক্ষা সজাগতাৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷

ইয়াৰ পূৰ্বে বোকাখাত আৰক্ষী থানাৰ সন্মুখত বোকাখাত আৰক্ষী থানাৰ আৰক্ষী আৰু যানবাহন শাখাৰ আৰক্ষীৰ সহযোগত ফেচেংবৰ হেৰিটেজৰ সদস্য সকলে হেলমেট পৰিধান নকৰা বাইক আৰোহীসকলক ললিপপ মৰ্টন প্ৰদান কৰি হেলমেট পৰিধান কৰি বাইক চলাবলৈ আহ্বান জনায় ৷ অনাগত দিনত ফেচেংবৰ হেৰিটেজে পথ সুৰক্ষা সম্পৰ্কত মহাবিদ্যালয়, পঞ্চায়ত এলেকাত সজাগতামুলক সভা অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে ৷ অনুষ্ঠানত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বোকাখাতৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

Related Articles