Breaking

বকো আৰক্ষীৰ সফল অভিযানত আটক বাইক চোৰ।

0 2,069

ৰাজ্যত উদ্দেগ জনক ভাৱে বৃদ্ধি পাইছে হত্যা হিংসা আৰু চুৰি ডকাইটিৰ দৰে জঘণ্য ঘটনা। আৰক্ষী প্ৰশাসনৰ নিছিদ্ৰ পহৰাৰ মাজতো অসামাজিক চক্ৰই সংঘটিত কৰে এনে কাণ্ড। তেনে এক মটৰ চাইকেল চুৰি কাণ্ডৰ লগত জড়িত দুজনকৈ চোৰক আটক কৰে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ আৰক্ষীয়ে। উল্লেখ্য যে ; বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ৰ নেতৃত্বত বকো আৰক্ষীৰ সহযোগত যোৱা কালি আবেলি পৰত বকো আৰক্ষী থানাৰ অন্তৰ্গত শিংৰাত ৰাইজৰ সহযোগত খেদি খেদি আটক কৰে চোৰ দুটাক। প্ৰাপ্ত তথ্য অনুসৰি এক গোপন সুত্ৰৰ পম খেদি চুৰি মটৰ চাইকেল বিক্ৰী কৰিবলৈ আহাৰ সময়তে আৰক্ষীয়ে ছদ্মবেশত পিছা কৰি আহি শিংৰাস্থিত নন্দিনী পেট্ৰোল ডিপোৰ কাষত ৰাইজৰ সহযোগত আটক কৰে। জানিব পৰা মতে ; উত্তৰ ছেখাদাৰী গাওঁৰ মনছেফ আলী আৰু কুদ্ৰত আলী নামৰ চোৰে নতুন নম্বৰ প্লেট বিহিন বুলেট আৰু এ এছ – ০১ বি টি – ৭৫৪২ গ্লেমাৰ বাইক দুখন বিক্ৰী কৰিবলৈ আনিছিল। কিন্তু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আৰক্ষীৰ উমান পায় পথৰ দাঁতিত বাইক দুখন পেলায় থৈ দৌৰি পলাবলৈ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে খেদি খেদি আটক কৰি আৰক্ষীক গটায় দিয়ে।

Leave A Reply

Your email address will not be published.