Bimal Bora । শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰত মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ কাৰ্যসূচী পৰিদৰ্শন সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ

গুৱাহাটী, ১০জানুৱাৰী:Bimal Bora । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্হিতিত অহা ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰায় আঠ হেজাৰ নৃত্যশিল্পীয়ে অংশ গ্ৰহণ কৰিব লগা ঝুমইৰ বিনন্দিনী শীৰ্ষক ঝুমইৰ নৃত্যানুষ্ঠানৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰত চলি থকা মাষ্টাৰ ট্ৰেইনাৰসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই পৰিদৰ্শন কৰে। অসমৰ চাহ জনগোষ্ঠীয় লোক সকলৰ মাজত প্ৰচলিত ঝুমইৰ নৃত্যক বিশ্ববাসীৰ সমুখত পৰিচয় কৰাই দিয়াৰ বাবে অসমৰ চাহ বাগিচা অঞ্চলৰ শিল্পী সকলক সামৰি অসম চৰকাৰে লোৱা এই পদক্ষেপে ইতিমধ্যে চাহ জনগোষ্ঠীয় লোক সকলক যথেষ্ট উৎসাহিত কৰি তুলিছে।

চাহ জনগোষ্ঠীয় শিল্পী দুলাল মানকি, ছাজন নায়ক আদি সাংস্কৃতিক কৰ্মী সকলৰ পৰামৰ্শ আৰু পৰিচালনাত ইতিমধ্যে দৃশ্য গ্ৰহণ কৰা এটি আৰ্হি গীতৰ আধাৰত ৩৬৭গৰাকী মাষ্টাৰ ট্ৰেইনাৰক যোৱা ৬ জানুৱাৰীৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰৰ ৰংঘৰ বাকৰিত ঝুমইৰ নৃত্যৰ প্ৰশিক্ষণ দি থকা হৈছে। এই প্ৰশিক্ষণৰ আজি শেষ দিন হোৱা হেতুকে সাংস্কৃতিক মন্ত্ৰী বড়াই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পী সকলৰ প্ৰশিক্ষণ পৰিদৰ্শন কৰি শিল্পী সকলৰে মত বিনিময়ো কৰে। উল্লেখ্যযে ৰাজ্যৰ চাহ জনগোষ্ঠীয় তথা আদিবাসী লোক সকলে পৰম্পৰাগত কৰম উৎসৱৰে সংগতি ৰাখিএই ঝুমইৰ নৃত্য পৰিৱেশন কৰে।


ইয়াত প্ৰশিক্ষণ লাভ কৰা মাষ্টাৰ ট্ৰেইনাৰ সকলে ২০ জানুৱাৰীৰ পৰা২৩ জানুৱাৰীলৈ সমষ্টি ভিত্তিক প্ৰশিক্ষণ আগবঢ়াব আৰু ইয়াৰ পৰাই ২৭ জানুৱাৰীৰ পৰা ২ফেব্ৰুৱাৰীলৈ শিল্পী সকলক বাছনি কৰা হ’ব।ইয়াৰ পিছত ৩ ফেব্রুৱাৰীৰ পৰা ১৩ ফেব্রুৱাৰীলৈ জিলা পৰ্যায়ত শিল্পী সকলক একত্ৰিত কৰি ঝুমইৰ প্ৰদৰ্শন কৰোৱা হ’ব। শিল্পী সকলক ২০ ফেব্ৰুৱাৰীত জিলা সমূহৰ পৰা গুৱাহাটীলৈ লৈ অহা হ’ব। সৰুসজাই ক্ৰীড়া প্ৰকল্পত ২১ফেব্ৰুৱাৰীৰ পৰা ২৩ফেব্ৰুৱাৰীলৈ তিনিদিন অনুশীলনৰ পাছত ২৪ ফেব্ৰুৱাৰীত চূড়ান্ত পৰ্যায়ত শিল্পী সকলে ঝুমইৰ নৃত্য পৰিৱেশন কৰিব।

Related Articles