Bimol Borah: ট্ৰেক্টৰ চলাই আলু লৈ আহিল মন্ত্ৰী বিমল বড়াই !

এইবাৰ ট্ৰেক্টৰ চালকৰ ৰূপত দেখিবলৈ পোৱা গ’ল মন্ত্ৰী বিমল বড়া।(Bimol Borah)

ট্ৰেক্টৰ চলাই আলু বিক্ৰি কৰিবলৈ আহিল অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া।


‘আলু উৎপাদন কেতিয়াও নোহোৱা ডিব্ৰুগড় জিলা অথবা উজনি অসমত উদ্যোগ বিভাগৰ এটা নীতিৰ ফলত এনেধৰণে কৃষকসকলে উপকৃত হ’বলৈ সক্ষম হৈছে। অসম চৰকাৰৰ উদ্যোগ বিভাগৰ Customised Policy ৰ ফলত কৃষিভিত্তিক এক অৰ্থনীতি অসমত গঢ় লৈ উঠিছে। Customised Policy আধাৰত অসমত ১০০ কোটি টকাৰো অধিক বিনিয়োগ আৰু ২০০ পোনপটীয়া কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা বিনিয়োগকাৰীক এই নীতিৰ আধাৰত উদ্যোগ নিৰ্মাণৰ বাবে চৰকাৰে সা-সুবিধা প্ৰদান কৰে। এই নীতিৰ আধাৰতে নলবাৰীত স্থাপন হোৱা পেপ্‌চিকো নামৰ এটা আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ বিনিয়োগৰ ফলত তাত প্ৰয়োজন হোৱা কেঁচা মাল আজি উজনি অসমতো উৎপাদন সম্ভৱ হৈ উঠিছে।ইয়াৰ ফলত টিংখাং সমষ্টিৰ প্ৰত্যক্ষ-অপ্ৰত্যক্ষভাৱে শতাধিক লোক জড়িত হৈ ইতিমধ্যে ৩,২৬০০০ কিলোগ্ৰাম আলু প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। আজিও ২৫,০০০ কিলোগ্ৰাম আলু খেতিয়কসকলৰ সৈতে খেতি পথাৰৰ পৰা ট্ৰেক্টৰেৰে কেঁচা মালসমূহ উলিয়াই অনাৰ মূহূর্ত…’ । এইদৰে সামাজিক মাধ্যমত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

Related Articles