সম্প্ৰতি বিভিন্ন ধৰ্মাৱলম্বী লোকে অসমত নিজ নিজ ধৰ্ম বিস্তাৰৰ বাবে বিভিন্ন কৌশল অবলম্বন কৰিছে। আজি ৫৫০ বৰ্ষ অতিক্রম কৰা শংকৰদেৱৰ নৱ বৈষ্ণব ধৰ্মই সমগ্ৰ অসমীয়াজাতিক একত্ৰিত কৰি আধ্যাত্মিক ক্ষেত্রত সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ ধৰ্ম হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ পাছতো মায়াত আবদ্ধ এক অংশ অসমীয়া অন্য ধৰ্মৰ প্ৰতি আকৰ্ষিত হোৱাতো বৃহত্তৰ অসমীয়া সমাজৰ বাবে দুৰ্ভাগ্যজনক। অসমীয়া সমাজ যদি যুগ যুগান্তৰলৈ ঐক্যবদ্ধ হৈ থকাতো অসমীয়াই বিচাৰে তেন্তে প্ৰত্যেকজন অসমীয়াই গুৰুজনাৰ আদর্শ মানিবই লাগিব।” এই মন্তব্য অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা বাৰেচহৰীয়া যুৱ সভাৰ উপদেষ্টা মিংকু কলিতাৰ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী উপলক্ষে বাৰেচহৰীয়া ৰাইজ সভাৰ সৌজন্যত, উত্তৰ জামুগুৰিৰ চামধৰা গাঁৱৰ ৰাইজৰ আতিৰ্থত আয়োজিত ধৰ্মালোচনী সভাত এগৰাকী বক্তা হিচাপে অংশ লৈ এইদৰে মন্তব্য আগবঢ়ায় যুৱ বক্তা মিংকু কলিতাই। উল্লেখ্য যে ঐতিহ্যমণ্ডিত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত প্ৰাচীন আধ্যাত্মিক-সামাজিক অনুষ্ঠান বাৰেচহৰীয়া ৰাইজ সভাই আঞ্চলিক ভাৱে সম্পূর্ণ ক’ভিড প্ৰ’টকল মানি উত্তৰ জামুগুৰিৰ চামধৰা গাঁৱৰ নামঘৰত দিনজোৰাকৈ গুৰুজনাৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী উদ্ যাপন কৰে। সেই উপলক্ষে আজি পুৱা ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰে ৰাইজ সভাৰ সভাপতি অতুল চন্দ্র হাজৰিকাই, আৰু ৯ – ৩০ বজাত স্মৃতি তৰ্পণ অনুষ্ঠানটি মুকলি কৰে ৰাইজ সভাৰ মুখ্য উপদেষ্টা জগত শইকীয়াই। ৰাইজ সভাৰ সম্পাদক তোশেশ্বৰ বৰাই আঁতধৰা উক্ত অনুষ্ঠানৰ পাচতেই পুৱা ১০ বজাৰ পৰা আৰম্ভ হয় নাম প্ৰসংগ আৰু বিয়লি ২-৩০ বজাৰ পৰা ধৰ্মালোচী সভাখন অনুষ্ঠিত হয়। বাৰেচহৰীয়া যুৱ সভাৰ সভাপতি সঞ্জীব ৰাজখোৱাই আঁতধৰা সভাখনত সভাপতিৰ আসন গ্ৰহণ কৰে ৰাইজ সভাৰ সভাপতি তথা এগৰাকী অৱসৰী কৃতী শিক্ষক অতুলচন্দ্ৰ হাজৰিকাই আৰু বক্তা হিচাপে অংশ লয় প্ৰেম প্ৰদীপ শইকীয়া, মিংকু কলিতা আৰু মৰমী শইকীয়াই। চামধৰা গাঁৱৰ মহিলাৰ দ্বাৰা পৰিবেশিত এটি ঘোষাৰে আৰম্ভ হোৱা সভাখনত গাঁওখনৰ হৈ ৰমেশ বৈশ্যই আদৰণি ভাষণ প্ৰদান কৰে আৰু শলাগৰ শৰাই আগবঢ়াই বাৰেচহৰীয়া যুৱ সভাৰ সম্পাদক হিৰকজ্যোতি বৰাই। বাৰেচহৰীয়া ৰাইজ সভাৰ প্ৰাক্তন সম্পাদক জয়ন্ত দাস, মহিলা সভাৰ সভানেত্রী মণিকা হাজৰিকা, সম্পাদিকা চিন্তামণি হাজৰিকা, সাংগঠনিক সভাৰ সভাপতি অৱসৰী কৃতী শিক্ষক কৃষ্ণকান্ত তালুকদাৰ, সম্পাদক জয়ন্ত বৰা, বিশিষ্ট সাংস্কৃতিক কৰ্মী ৰঞ্জন কুমাৰ দাস, ৰাইজ সভাৰ উপ সভাপতি খগেন হাজৰিকা, গিৰিশ বৰা প্ৰমুখ্যে প্ৰায় দুই শতাধিক ৰাইজৰ উপস্থিতত অনুষ্ঠিত উক্ত সভাখনৰ সফল সমাপ্তিত সকলোকে গাঁওবাসীৰ লগতে উদ্যোক্তাসকলে কৃতজ্ঞতা জ্ঞাপন কৰে।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়