Breaking

Bishal Phukan to be produced in court: আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব বিশাল ফুকনক, খোল খাব মুখাৰ আঁৰৰ মুখ

25

প্ৰৱঞ্চক বিশাল ফুকনক আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব।আৰক্ষীৰ জেৰাত বিস্ফোৰক তথ্য ফাদিল বিশাল ফুকনৰ। ডিব্ৰুগড় আৰক্ষীৰ জিম্মাত আছে প্ৰৱঞ্চক বিশাল ফুকন। পূৰ্বে ৩ দিনৰ জিম্মাত লৈছিল আৰক্ষীয়ে। ম্যাদ উকলাত আজি পুনৰ আদালতত হাজিৰ কৰাব আৰক্ষীয়ে। (Bishal Phukan to be produced in court)

ডিব্ৰুগড়, ৭ চেপ্তেম্বৰঃ আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব মহাঠগ বিশাল ফুকনক। আৰক্ষীৰ জেৰাত বিস্ফোৰক তথ্য ফাদিল বিশাল ফুকনৰ। ডিব্ৰুগড় আৰক্ষীৰ জিম্মাত আছে প্ৰৱঞ্চক বিশাল ফুকন। পূৰ্বে ৩ দিনৰ জিম্মাত লৈছিল আৰক্ষীয়ে। ম্যাদ উকলাত আজি পুনৰ আদালতত হাজিৰ কৰাব আৰক্ষীয়ে। বিশালক পুনৰ আৰক্ষীৰ জিম্মাত বিচৰাৰ সম্ভাৱনা।(Bishal Phukan to be produced in court)

অভিযোগ অনুসৰি বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ নামত বিভিন্নজনৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিছিল। ইতিমধ্যে বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰবঞ্চনাত নাম সাঙোৰ ৰীলছ ৰাণী খ্যাত চুমি বৰাৰ। বৰ্তমান স্বামীৰ সৈতে পলাতক হৈ আছে চুমি বৰা।(sumi borah)

ইয়াৰউপৰিও এই ঘটনাৰ সন্দৰ্ভত অভিনেতা যতীন বৰা, প্ৰস্তুতি পৰাশৰ, কণ্ঠশিল্পী নীলাক্ষি নেওগ, মণ্টুমণি শইকীয়া, দিপলীনা ডেকা, দীক্ষুৰ নামো চৰ্চালৈ আহিছে। ইতিমধ্যো তেওঁলোকে স্পষ্টীকৰণ দিছে সামাজিক মাধ্যমত।

আনহাতে বিশাল ফুকন আৰু চুমি বৰাৰ সম্পত্তিৰ তথ্য সামাজিক মাধ্যমত চৰ্চা হৈ আছেঃ(Property List)

১) ডিব্ৰুগড়ৰ বৈৰাগীমঠত বিশালৰ ২,০০০ বৰ্গফুটৰ কাৰ্যালয়। ৮৫ লাখ টকাৰে ইণ্টেৰিঅ’ৰ ডিজাইন কৰা হৈছিল কাৰ্যালয়টোৰ। ইণ্টেৰিঅ’ৰ ডিজাইনাৰ কৰিশ্মা কাকতিক দিছিল নগদ ৫০ শতাংশ ধন

২)ডিব্ৰুগড়ৰ পূৰ্বাঞ্জলি এপাৰ্টমেণ্টৰ ফ্লেট ক্ৰয় কৰিছিল ৬৩.২৫ লাখ টকাত। বিল্ডাৰক নগদ দিছিল ৪৪ লাখ টকা

৩)ডিব্ৰুগড়ত চুমি বৰাৰ বাবে বিশালে খুলি দিয়া ডান্স একাডেমীৰ ডিজাইনিঙত ব্যয় ৩৩ লাখ টকা। চিগমা টাইলছক ১০ লাখ টকা দিছিল আৰু চাউণ্ড প্ৰুফৰ নামত ব্যয় ১৫ লাখ টকা

৪)গুৱাহাটীৰ তৰুণ নগৰৰ প্ৰতীক তৰুণ এপাৰ্টমেণ্টত ৭ কোটি টকাত ডুপ্লেক্স ফ্লেট ক্ৰয়

৫)গুৱাহাটীৰ নাৰেংগীত আইডিয়েল ভিউ এপাৰ্টমেণ্টত ১.৫ কোটি টকাত ফ্লেট ক্ৰয়

৬)৮ আগষ্টত চুমিৰ জন্মদিনত ২ লাখ টকীয়া টেডী বিয়েৰ উপহাৰ দিছিল বিশালে

৭) চুমিৰ ব্যক্তিগত জিম ট্ৰেইনাৰ তন্দ্ৰামণিক মাহে ৫০,০০০ টকা দৰমহা দিছিল বিশালে

৮)চুমিক ৭৬ লাখ টকাৰ হীৰাৰ আঙঠি দিছিল বিশালে

৯)ৰাজস্থানৰ উদয়পুৰত হোৱা চুমি-তাৰ্কিক বৰাৰ বিয়াত ৩ কোটি টকা ব্যয় কৰিছিল বিশালে

১০)বিয়াৰ অতিথিৰ বাবে বিমান ভাড়াত বিশালে ব্যয় কৰিছিল ৩৩ লাখ টকা

১১)চুমিৰ স্বামী তাৰ্কিকক ৪৫ লাখ টকীয়া ফৰ্চুনাৰ উপহাৰ বিশালৰ

১২)মাকক ৩৩ লাখ টকীয়া এম জি হেক্টৰ বাহন উপহাৰ বিশালৰ

বিশাল-চুমিৰ এই ঘটনাক লৈ মানুহৰ মনত প্ৰশ্ন সৃষ্টি হৈছে। কিয়নো আজি পৰ্যন্ত চুমি আৰু তেওঁৰ স্বামীৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। চুমি-তাৰ্কিকে ব্যৱহাৰ কৰা বাহনৰ সন্ধানো ওলাইছে কিন্তু সন্ধান চুমি আৰু তাৰ্কিকৰ। পাথৰকোঁৱেৰীৰ আইডেল হিল ভিউ এপাৰ্টমেণ্টতৰ পাৰ্কিঙত পাইছিল চুমিয়ে ব্যৱহাৰ কৰা বাহন খন।

published by: Munmi gogoi

Comments are closed.