Bishwanath Road Accidents: বিশ্বনাথৰ সাধাৰুত কিয় পথ দুৰ্ঘটনাৰ আশংকা

বিশ্বনাথ চাৰিআলি, ২৩ অক্টোবৰ: বিশ্বনাথৰ সাধাৰুত পুণৰ পথ দুৰ্ঘটনাৰ আশংকা।বিশ্বনাথৰ সাধাৰুত যিকোনো মহূৰ্ততে পুণৰ সংঘটিত হ’ব পাৰে ভয়ংকৰ পথ দুৰ্ঘটনা। বিশ্বনাথৰ সাধাৰুৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা এটা ডিভাইডাৰৰ বাবেই উক্ত ঠাইত সঘনাই সংঘটিত হৈ আহিছে শোকাৱহ পথ দুৰ্ঘটনাৰ(Bishwanath Road Accidents) দৰে ঘটনা।

অনুৰূপভাৱে সোমবাৰে সন্ধিয়া পায় আঠমান বজাত ৰাজ্যৰ এজন কেবিনেট মন্ত্ৰী বিশ্বনাথ অভিমুখে আহি থকা অৱস্থাত মন্ত্ৰীগৰাকীৰ কনভয়ে সংঘটিত কৰে এক পথ দুৰ্ঘটনা।

এই পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। তথ্য অনুসৰি সাধাৰু দলঙৰ পৰা বিশ্বনাথ চাৰিআলি বাইপাছলৈ নিৰ্মাণ হৈ থকা চাৰিশৰণীয়া পথচোৱা নিৰ্মাণকাৰী সংস্থাই(Road Construction Company) লেহেমীয়া গতিত নিৰ্মাণ কাৰ্য চলোৱাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ সংস্থাৰ বিষয়া-কৰ্মচাৰীৰ অকৰ্মণ্যতা, কাণ্ডজ্ঞানহীণতা,পথ সুৰক্ষাৰ অভাৱ পুণ:পথ প্ৰতিফলনকাৰী পথ নিৰ্দেশক, পথ চিহ্ন, ঘৰ্ষণপটী, গতিৰোধক, পথ নিৰূপক, ব্যস্ততাপূৰ্ণ এলেকাত সৌৰ পথবাতি, পথচাৰীৰ বাবে ৰেলিঙৰ ব্যৱস্থা আদি নিদিয়াৰ ফলত সঘনাই এনে শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে(Vandalism)। আনহাতে, সাধাৰু আৰু বিশ্বনাথ চাৰিআলি নগৰৰ মাজৰ স্থানটোত অতি স্পৰ্শকাতৰ স্থান হিচাপে চিহ্নিত হোৱাৰ পিছতো জিলা প্ৰশাসনৰ দায়িত্বজ্ঞানহীণতা আৰু ফোপোলা স্বৰূপ উদঙাইছে বিশ্বনাথত।

Related Articles