১৭ জানুৱাৰী, ২০২৫ঃ Biswanath । অসম আদৰ্শ বিদ্যালয় বৰপামত আজি দিনজোৰা কাৰ্যসূচীৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰি শিল্পী দিৱস পালন কৰা হয়। কাৰ্যসুচী অনুসৰি শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অসম আদৰ্শ বিদ্যালয় বৰপামৰ সঞ্চালক নৃপেন বৰদলৈয়ে।
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰধান শিক্ষয়িত্ৰী বৰ্ণালী কুৰ্মীয়ে। তৎপশ্চাৎ ছাত্ৰ সংসদৰ অধ্যক্ষা পূৰ্ণিমা বৰমূদৈ, শিক্ষয়িত্ৰী লিপিকা বৰা, মণিদ্বীপা দাস শইকীয়া, আইমনী ভূঞা, ৰিনা বাউৰী, পল্লৱী মাহাতী, ৰিমা চুলতানা, তিলোত্তমা তাতি, সুৰজ গোৱালাৰ তত্ত্বাৱধানত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লগতে ছাত্ৰ-ছাত্ৰী সকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী গীত সমূহৰ আধাৰত দলীয় নৃত্য প্ৰদৰ্শন কৰি সভাৰ সকলোকে আপ্লুত কৰি তোলে ।
সঞ্চালক নৃপেন বৰদলৈয়ে শিল্পী দিৱস প্ৰসংগত উল্লেখ কৰি কয় যে অসমৰ মহান মনিষী সকলৰ নামত উৎসৰ্গিত “আজিৰ প্ৰজন্মই জ্যোতি, বিষ্ণু, ফণী শৰ্মাক চিনি নাপায়। বৰ্তমান অসমীয়া সমাজৰ বাবে এই বিষয়টোৱে উদ্বেগজনক হৈ পৰিছে ৷ জাতীয় মহানায়ক সকলক শিশুৰ মনত খোদিত কৰিব পাৰিলেহে বৃহত্তৰ অসমীয়া জাতি গঠনত সহায়ক হ’ব। অন্যথা অসমীয়া সমাজ ধৰ্ম, জাত-পাতক লৈ ঠানবান হৈ পৰিব বুলি সাংবাদিকৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই । আজিৰ সভাত চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে শিল্পী দিৱসৰ ওপৰত স্বৰচিত কবিতা আবৃত্তি কৰি সকলোকে মোহাচ্ছন্ন কৰি তোলে।