Breaking

বিশ্বনাথ জিলা চাহ জনজাতি জাতীয় সন্মিলনী…

0 29

বিশ্বনাথ জিলা চাহ জনজাতি জাতীয় সন্মিলনী। অসমৰ উদ্যোগত চাহ জনগোষ্ঠীয় আৰু আদিবাসী সমাজৰ জাতিৰ প্ৰমাণ পত্ৰৰ বিসংগতি তথা অনা-চাহ জনগোষ্ঠীক ভূৱা জাতিৰ প্ৰমাণ পত্ৰক কেন্দ্ৰ কৰি এখন ৰাজহুৱা সভাৰ আয়োজন কৰে, উক্ত সভাৰ সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লিক্নেশ্বৰ ঘাটোৱাৰ, সভাখন বিশ্বনাথ জিলা সমিতি চাহ জনজাতি জাতীয় সন্মিলনী অসমৰ হৈ সম্পাদক গৌতম গোৱালাৰ তত্বাৱধানত আয়োজন কৰা হয়।

সভাখনত উপস্থিত থাকে OBC Association Dist- Chairman দিগন্ত কুমাৰ গগৈ, উপস্থিত থাকে OBC Board of Dist- Chairman দিৱ্যজ্যোতি ভূঞাঁ, সভাখনত বিশ্বনাথ জিলাৰ অন্তৰ্গত প্ৰায় ৬০ খন চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজ সংগঠনৰ নেতৃত্ববৃন্দৰ লগতে উপস্থিত থাকে চাহ জনজাতি জাতীয় সন্মিলনী অসম ৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সদস্য নগেন দাস, বিশ্বনাথ জিলা সমিতি চাহ জনজাতি জাতীয় সন্মিলনী অসমৰ সভাপতি নগেন গোৱালা উপস্থিতিত সভাখন হয় আৰু সভাখনত বিভিন্ন সমাজ সংগঠনৰ প্ৰতিনিধি আৰু বুদ্ধিজীৱি তথা বিশিষ্ট সমাজকৰ্মীৰ উপস্থিতিত সকলোৰে দিহা-পৰামৰ্শৰ জৰিয়তে সভাখনত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমূকৈ আটছা কেন্দ্ৰীয় সমিতিৰ কেইবাজন বিষয়-ববীয়া উপস্থিত থকাৰ লগতে বিশ্বনাথ জিলা সমিতি আৰু শাখা সমিতি আটছাৰ সভাপতিদ্বয় উপস্থিত থাকি বিভিন্ন ধৰণৰ মতামত আগবঢ়াই চাহ জনগোষ্ঠী তথা আদিবাসী সমাজখনৰ নামত অনা-চাহ জনগোষ্ঠীক ভূৱা জাতিৰ প্ৰমাণ পত্ৰৰ জালিয়াতি কৰাৰ বিপৰীতে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় সমিতিলৈ এথন প্ৰস্তাৱ আকাৰে অভিযোগ দাখিল কৰাৰ কথা সিদ্ধান্ত লোৱাৰ পিছতে সভাখন ভংগ কৰা হয়।

Leave A Reply

Your email address will not be published.